ৰঙিয়া আৰক্ষীৰ কঠোৰ পদক্ষেপ

■ ৰঙিয়া: মাৰাত্মক কৰোণা মহামাৰীয়ে তীব্ৰৰূপ ধাৰণ কৰাৰ সময়তে, একাংশ অসচেতন ব্যক্তিৰ দৌৰাত্ম্যৰ বাবে ৰঙিয়া আৰক্ষীয়ে কঠোৰ ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হৈছে ,বুধবাৰে দিনটোত ৰঙিয়া চহৰৰ হৰদত্ত বিৰদত্ত ভৱনৰ সমীপত আৰক্ষীয়ে মাক্স পৰিধান নকৰা ব্যক্তি সকলৰ পৰা ১ হাজাৰ টকাকৈ জৰিমনা বিহে। সংবাদ মাধ্যমক জনোৱামতে অনাগত দিনত নিয়ম ভঙ্গ কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৰঙিয়া থানাৰ বিষয়া বুদ্ধিৰাম মোক্তিয়াৰে।

উল্লেখযোগ্য যে ৰঙিয়াত প্ৰতিদিনেই কোভিড ৰোগী ধৰাত পৰি আছে,ইতিমধ্যেই ইয়াৰ সংখ্য ১০০ৰো অধিক হৈছে। বুধবাৰৰ দিনটোতো পৰীক্ষাৰ অন্তত মুঠ ৫৪ জন ব্যক্তিৰ ভিতৰত ১৯ জনৰ দেহতেই ধৰা পৰে কোভিড১৯ৰ অৱস্থিতি। এনেহেন পৰিস্থিতিত একাংশ অসচেতন ব্যক্তিৰ বাবে সমাজলৈ বিপদ অহাটো অহাটো নিশ্চিত ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.