ৰঙিয়াত সন্ধানহীন কন্য সন্তানসহ মাতৃ

ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ:
ৰঙিয়া মহকুমাৰ অন্তৰ্গত কুমাৰপাটা গাওঁত দিন দুপৰতে মাতৃ-কন্যা সন্ধানহীন হোৱাৰ দৰে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। কেইবাদিন ধৰি ৰঙিয়াৰ কুমাৰপাটাৰ পৰা সন্ধানহীন হৈ আছে জেৰিফা ওৱাহেদা (২১) আৰু কন্যা আলিফা জান্নাত (২)। যোৱা ২৩ ডিচেম্বৰৰ দুপৰীয়াৰে পৰা সন্ধানহীন হৈ আছে এজনী দুই বছৰীয়া কন্যসন্তানসহ মাতৃগৰাকী।

জানিবপৰা মতে ওচৰৰে দোকান এখনলৈ ঘৰুৱা বস্তু কিনিবলৈ গৈ নিখোজ হৈ আছে ওৱাহেদা আৰু তেঁওৰ কন্য সন্তানটি। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰাৰ পিছতো কোনো সন্ধান উলিয়াব পৰা নাই।

গাঁৱৰ পৰা এনেদৰে দিন দুপৰতে হঠাৎ মাতৃ-কন্যা নিখোজ হোৱাত দুখত ভাগি পৰিছে স্বামী আৰু তেওৰ আত্মীয় সকল। উল্লেখ্য যে ৰঙিয়াত থকা ৰে’ল জংচনৰ সুযোগ লৈ একাংশ ব্যক্তিয়ে মানৱ সৰবৰাহৰ দৰে দুস্কাৰ্য প্ৰায়ে সংঘটিত কৰি আহিছে।

পৰিয়ালৰ লোকৰ সন্দেহ কোনো দুষ্ট চক্ৰই বহিঃৰাজ্যলৈ নি মানৱ সৰবৰাহকাৰীৰ ওচৰত বিক্ৰী কৰিছে। ঘটনা সন্দৰ্ভত পৰিয়ালে ৰঙিয়া থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে কোনো সন্ধান লাভ কৰিব পৰা নাই। এই ঘটনাই অঞ্চলত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.