Thursday, June 19, 2025
25.1 C
Guwahati
TOP NEWS:

ৰঙাপৰাৰ নামনিগাঁৱত নৱনিৰ্মিত মছজিদৰ শুভ উদ্বোধন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

‘উপসনাস্থলীত মানৱ জাতিৰ মংগলৰ কামনাৰ্থে মানুহে প্ৰাৰ্থনা জনাই আহিছে’- সমাজকৰ্মী নগেন বসুমতাৰী

ঈশ্বৰৰ প্ৰাৰ্থনাৰ জৰিয়তে মনৰ শান্তি প্ৰতিষ্ঠাৰে মানৱ জাতিয়ে সমাজত শান্তি শৃংখলাৰে জীৱন-যাপন কৰি আহিছে। পৃথিৱীৰ বিভিন্ন ধৰ্মালম্বীৰ লোকে নিজৰ ঈশ্বৰক বিভিন্ন পন্থাৰে উপসনা কৰে। মুঠতে লক্ষ্য এটাই ধৰ্মীয় পন্থাৰে নিজৰ তথা সমাজৰ মংগল সাধন হোৱা। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি ৰঙাপৰাৰ নামনিগাঁও নৱ নিৰ্মিত মছজিদ উদ্বোধনী অনুষ্ঠানত ৰঙাপৰাৰ বৰ্ষীয়ান সমাজকৰ্মী নগেন বসুমতাৰীয়ে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি এনেদৰে নিজৰ মন্তব্য আগবঢ়ায়।

উল্লেখ্য যে নামনিগাঁৱত বিভিন্ন ধৰ্মাৱলম্বী লোকসকলৰ উপসনাস্থলী মঠ-মন্দিৰ থকাৰ সমান্তৰাল ভাৱে ১৯৯৬ চনত মছজিদ আৰু মক্তবটি স্থাপিত হৈছিল। নামনিগাঁৱৰ ৰাইজে নতুনকৈ সুন্দৰ ৰূপত সাজি উলিওৱা মছজিদৰ শুভ উদ্বোধনী অনুষ্ঠানৰ আঁতধৰে ৰঙাপৰা জামে মছজিদ সমিতিৰ সম্পাদক আব্দুল ৰহিম আৰু উক্ত মছজিদৰ প্ৰাক্তন সম্পাদক চেলিম মজুমদাৰে। ইপিনে আনুষ্ঠানিক ভাবে মছজিদটোৰ দুৱাৰৰ ফিটা কাটি উদ্বোধন কৰে মুফতি আলি হুছেইনে।

অনুষ্ঠানৰ মাজতে আমন্ত্ৰিত অতিথি গোবিন্দ দাস, ৰানা ডেকা, বিপুল মেচ, কিশোৰ নাথ, ভিক্টৰ মোমিন, অৱন দও, ধুব্ৰ কলিতা, দীনেশ জয়ছোৱাল শ্যামল দে, তেজপুৰৰ সমাজকৰ্মী ৰমিজ হাজৰিকা, মিছামাৰীৰ আব্বাছ আলি আদি গণ্য মান্য ব্যাক্তি সকলৰ জৰীয়তে বৃক্ষ ৰোপন কাৰ্যসূচী অনুষ্ঠিত কৰে। শুভ উদ্বোধনী অনুষ্ঠানত বিভিন্ন ধৰ্মাৱলম্বীৰ স্থানীয় ৰাইজৰ উপস্থিতিত অঞ্চলটোৰ কেইবাগৰাকী পেছ ইমাম, মছজিদ সমিতিৰ সভাপতি, সম্পাদক, অতিথি, সমাজকৰ্মীক সম্বৰ্ধনা জনোৱা হয়।

উক্ত অনুষ্ঠানত অঞ্চলটোৰ দুগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াবিদ চালামত দেৱান আৰু জুমৰাত আলিক সম্বৰ্ধনা জনোৱা হয়৷ লগতে ইছলাম ধৰ্মালম্বী ৰাইজে এক মিলাদ অনুষ্ঠান অনুষ্ঠিত কৰি মানৱ জাতিৰ মংগলৰ অৰ্থে দোৱা প্ৰাৰ্থনা কৰে। প্ৰণিধানযোগ্য যে যি সময়ত সমগ্ৰ দেশত ধৰ্মীয় বিভেদ কামী শক্তিয়ে সমাজত অশুভ বাতাবৰণ সৃষ্টি কৰাৰ চেষ্টা চলোৱাৰ সময়ত ৰঙাপৰা নামনিগাঁৱত নৱনিৰ্মিত মছজিদৰ শুভ উদ্বোধনী অনুষ্ঠানত বিভিন্ন ধৰ্মালম্বী ৰাইজৰ উপস্থিতিয়ে সম্প্ৰীতিৰ এক নিৰ্দশন দাঙি ধৰিবলৈ সক্ষম হৈছে।

- Advertisement -

Hot this week

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °