ৰঙাপৰাত উদ্ধাৰ বিলুপ্তপ্ৰায় প্ৰজাতিৰ ঈগল

♦ৰঙাপৰাৰ স্থানীয় প্ৰকৃতি প্ৰেমী মৃদুল ডেকাই আজি দিনৰ ১ বজাত এটা ঈগল চৰাই উদ্ধাৰ কৰি আমাৰিবাৰী আঞ্চলিক বন বিভাগক খবৰ দিয়াত ততাতৈয়াকৈ আমাৰিবাৰী আঞ্চলিক বনৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ঈগল চৰাইটো উদ্ধাৰ কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আমাৰিবাৰী বন বিষয়া কাৰ্যালয়ৰ বনৰক্ষী বিষয়া অনিল বৰঠাকুৰে জানিবলৈ দিয়ে যে, ইগল চৰাইটো স্থানীয় প্ৰকৃতি প্ৰেমী মৃদুল ডেকাৰ বাসগৃহত বান্দৰে খেদি ফুৰাত ডেকাই ঈগল চৰাইটো উদ্ধাৰ কৰি বনবিভাগত খবৰ দিয়াত তেওঁলোক ডেকাৰ ঘৰত উপস্থিত হৈ ঈগল চৰাইটো উদ্ধাৰ কৰে আৰু আঘাত প্ৰাপ্ত ইগল চৰাইটোক পশু চিকিৎসালৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হ’ব বুলি জানিব দিয়ে। পক্ষীটি সুস্থ হৈ উঠিলে পুনৰ তাক তাৰ প্ৰাকৃতিক আৱাস স্থললৈ মুক্ত বিচৰণৰ উদ্দেশ্যে মুকলি কৰি দিয়া হ’ব বুলি বন বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে। বিলুপ্তপ্ৰায় ঈগল চৰাইটো নামেৰী বা সোনাই ৰূপাই অভয়াৰণ্যৰ পৰা অহা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.