31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    ১২ নৱেম্বৰত শৰণীয়া আশ্ৰমত অমলপ্ৰভা দাসৰ ১১৩ সংখ্যক জন্মদিৱসত বঁটা প্ৰদান অনুষ্ঠান

    গুৱাহাটী: গুৱাহাটীৰ উলুবাৰীস্থিত শৰণীয়া আশ্ৰমত অহা ১২ নৱেম্বৰত প্রয়াত অমলপ্রভা দাসৰ ১১৩ সংখ্যক জন্ম দিৱস পালনৰ আয়োজন কৰা হৈছে। উদ্যোক্তা সকলৰ হৈ সৰ্বোদয় ট্ৰাষ্ট, গুৱাহাটীৰ অধ্যক্ষ মোহনদাস ভাণ্ডাৰী, কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্টৰ কেন্দ্ৰীয় ন্যাসৰক্ষী নয়ন ভাণ্ডাৰী শৰ্মা আৰু ট্ৰাষ্টৰ অসমৰ প্ৰতিনিধি বিউটি দাসে এটা যৌথ বিবৃতিত জানিবলৈ দিয়া মতে জন্ম দিবসৰ লগত সংগতি ৰাখি সিদিনা দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া বঁটা প্ৰদান অনুষ্ঠানত ২০২৪ বৰ্ষৰ অমলপ্রভা দাস সর্বোদয় বঁটাৰ লগতে ২০২৪ বর্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পৰীক্ষাত শল্য চিকিৎসা আৰু স্ত্রী ৰোগ বিষয়ত সর্বোচ্চ নম্বৰ পোৱা চিকিৎসকক ডাঃ হৰিকৃষ্ণ দাস সোঁৱৰণী বঁটা আৰু ডাঃ তিলোত্তমা ৰায়চৌধুৰী সোঁৱৰণী বঁটা প্ৰদান কৰা হ’ব। তেনেদৰে বিগত বৰ্ষৰ দৰে পিতৃ-মাতৃহীন, মেধাৱী, আর্থিকভাবে দুর্বল ছাত্র-ছাত্রীক ২০২৪ বর্ষৰ জলপানি সমূহো প্রদান কৰা হ’ব। উল্লেখ্য যে এইবেলি বিশিষ্ট সমাজ সেৱিকা, মধ্য প্ৰদেশৰ চত্তৰপুৰৰ গান্ধী আশ্ৰমৰ সঞ্চালিকা দময়ন্তী পানীক ২০২৪ বৰ্ষৰ অমল প্ৰভা দাস সৰ্বোদয় বঁটা প্ৰদান কৰা হব। তেনেদৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ মধুসুদন কলিতাক ডাঃ হৰিকৃষ্ণ দাস সোঁৱৰণী বঁটা আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ ভাগ্যশ্ৰী মোদীক ডাঃ তিলোত্তমা ৰায়চৌধুৰী সোঁৱৰণী বঁটা প্ৰদান কৰা হ’ব। অনুষ্ঠানত বিশ্বনাগৰীৰ প্ৰথম সংখ্যাটো উন্মোচন কৰা হব। উদ্যোক্তা সকলে উক্ত অনুষ্ঠানত শুভাকাংক্ষী সকলৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.