Sunday, May 25, 2025
27 C
Guwahati

হোজাই জিলা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক কাকী অধিৱেশনৰ সামৰণি

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

“পুৰুষ সমাজে নাৰী জাতিক অপমান কৰা নাই আৰু আগলৈকো নকৰে “-মৃণালীনী দেৱী

■ ছাদিকুজ জামান মোৰাঝাৰ: “নাৰী সকল অনন্ত অসীম, নাৰী জাতি মানৱ সমাজক গতিশীল কৰি তুলিছে । পুৰুষ সমাজে আগতেও নাৰী জাতিক অপমান কৰা নাছিল আৰু আগলৈকো নকৰে বুলি মোৰ বিশ্বাস”-এই মন্তব্য অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালীনী দেৱীৰ।

আজি হোজাইৰ কাকীত অনুষ্ঠিত হোজাই জিলা সাহিত্য সভাৰ দ্বিতীয় দ্বী বাৰ্ষিক বিশেষ অধিৱেশনৰ মুকলি সভাত যোগদান কৰি ভাষণ প্ৰসংগত এনেদৰে কয়। হোজাই জিলা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক কাকী অধিৱেশনৰ আজি সামৰণি পৰে।

কালিৰে পৰা এক উখল মাখল পৰিৱেশৰ মাজেৰে শুভাৰম্ভ হোৱা অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পূৱা প্ৰতিনিধি পঞ্জীয়ন, ৰামধেনুৰ কল্পতৰু শীৰ্ষক এক নিৰ্বাচিত কবি,শিল্পী সকলৰ অনুষ্ঠান,১০ বজাত মুকুন্দ বড়ো সোঁৱৰণী গ্ৰন্থমেলাৰ দুৱাৰ মুকলি কৰে সাহিত্যিক তথা জিলা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি ডঃসাৰদান্দ দেৱ গোশ্বামীয়ে৷ দিনৰ ১১ বজাত কাকী কনিষ্ঠ মহাবিদ্যালয়ত শিৱপ্ৰসাদ বৰা সোঁৱৰণী সভাকক্ষত প্ৰতিনিধি সভা অনুষ্ঠিত হয়৷

সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহন কৰা হয়৷ ইয়াৰ লগতে আকাশ উপসমিতিৰ সৌজন্যত “ৰীতা বৰা সোঁৱৰণী বিয়ানাম” আৰু “পুষ্পলতা দত্ত সোঁৱৰণী আইনাম” প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। জিলা ভিত্তিত প্ৰতিযোগিতা সমূহত বিভিন্ন শাখাৰ পৰা যোগদান কৰে।

হোজাই জিলা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক কাকী অধিৱেশনৰ সামৰণি

যিহেতু ২০২১ বৰ্ষটো জিলা সভাই গ্ৰন্থ বৰ্ষৰূপে পালন কৰিবলৈ লৈছে সেইহেতুকে সকলোৱে উপহাৰ স্বৰূপে যেন কেৱল গ্ৰন্থকে দিয়ে তাৰবাবেও আহ্বান জনায় জিলা সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে।

এই আহব্বানৰ সহাঁৰি জনাই গ্ৰন্থমেলাত ছাত্ৰ- ছাত্ৰী,সাহিত্যনুৰাগীৰ ভিৰ হোৱা দেখা যায়।গ্ৰন্থ মেলাথলীত অস্থায়ী মঞ্চত শিশু আৰু কিশোৰ কিশোৰীৰ মাজত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়।

আজিৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত পুৱা অসম সাহিত্য সভাৰ পতাকা উওোলন কৰে হোজাই জিলা সাহিত্য সভাৰ সভাপতি ড’ গুণেশ্বৰ শইকীয়াই৷ স্মৃতি তৰ্পণ কৰে লক্ষীপ্ৰসাদ বৰাই আৰু শ্বহীদ তৰ্পণ কৰে বিভা ফুকনে৷

গ্ৰন্থমেলাৰ বাকৰিৰ অস্থায়ী মঞ্চত কবি সন্মিলনৰ নিৰ্বাচিত অনুষ্ঠান হোৱাৰ লগতে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে গজেন হাজৰিকাই৷

দুপৰীয়া জিলা সাহিত্য সভাৰ সভাপতি ডঃ গুণেশ্বৰ শইকীয়াৰ সভাপতিত্বত গ্ৰন্থ উন্মোচনী আৰু মুকলি সভা অনুষ্ঠিত হয়৷ জিলা সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে পৰিচালনা কৰা মুকলি সভাৰ উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই।

সভাত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃঅমলেন্দু চক্ৰৱৰ্তী উপস্থিত থাকি ভাষণ প্ৰদান কৰে ।সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি প্ৰহ্লাদ চন্দ্ৰ তাচা,সন্মানীয় অতিথি হিচাপে সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে স্বামী বিবেকানন্দই নাৰী সন্দৰ্ভত তত্বগধূৰ ভাষণ প্ৰদান কৰে।

সভাৰ শিক্ষা সংসদৰ ৰানা বশিষ্ট্য আৰু নিদিষ্ট বক্তা আৰু গ্ৰন্থ উন্মোচক হিচাপে থাণেশ্বৰ মালাকৰৰ লগতে অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্য্যালয়ৰ সম্পাদক মৃণাল হাজৰিকা, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা, মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা, সুৰমা উপত্যকাৰ সভাৰ সাংগঠনিক সম্পাদক অৰিজিত দাসগুপ্ত, সভাৰ আকাশ উপ সমিতিৰ আহ্বায়িকা স্বপ্না কলিতা,ডিমা হাছাও সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি নৃপেন ভূঞা, অসম মণিপুৰী সাহিত্য পৰিষদৰ হোজাই জিলাৰ সভাপতি টি মনিহাৰ সিংহ, হোজাই জিলা সাহিত্য সভাৰ সভাপতি ভোলানাথ থাউছেন, নেপালী সাহিত্য সভাৰ হোজাই জিলাৰ সভাপতি গঙ্গাসাগৰ উপাধ্যায়, হোজাই জিলা সাহিত্য সভাৰ প্ৰতিস্থাপক সভাপতি ডঃ সাৰদানন্দ দেৱ গোস্বামী আদিকে ধৰি সভাত ভালেমান আমন্ত্ৰণিত অতিথি উপস্থিত থাকে।

হোজাই জিলা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক কাকী অধিৱেশনৰ সামৰণি

সভাত ইতিহাসবিদ সমাজসেৱক তথা অসম চৰকাৰে ঐতিহ্য মিত্ৰ নামেৰে বিশেষ ভাবে সন্মান প্ৰদান কৰা কৃষ্ণ কুমাৰ সিংহৰ এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰাৰ লগতে দেৱৰাজ মিলি সম্পাদিত জিলা সাহিত্য সভাৰ পত্ৰিকাৰ লগতে দ্বিতীয় বাৰ্ষিক অধিৱেশন উপলক্ষে প্ৰকাশিত প্ৰদীপ কুমাৰ বৰা সম্পাদিত কৌস্তুৰী নামৰ স্মৃতিগ্ৰন্থ, আকাশ উপ সমিতিৰ বাৰ্ষিক পত্ৰিকা ৰেখা লস্কৰ বৰাৰ সম্পাদনাত ‘আকাশ’ৰ লগতে কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়।

সভাত আকাশ উপ সমিতিৰ আইনাম আৰু বিয়ানামৰ প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰে উপ সভাপতি গৰাকীয়ে। এই অধিবেশনৰ দুয়ো দিনে সন্ধ্যা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

- Advertisement -

Hot this week

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

Topics

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

Related Articles

Popular Categories

Assam
overcast clouds
27.8 ° C
27.8 °
27.8 °
66 %
1.3kmh
98 %
Sat
27 °
Sun
28 °
Mon
24 °
Tue
30 °
Wed
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds