31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    হিন্দী লেখিকা অঞ্জনা জৈনৰ ৩খন ভিন্নধৰ্মী গ্ৰন্থ উন্মোচনঃ অসমৰ হকে কাম কৰা মানুহেই অসমীয়াঃ অনুৰাধা শৰ্মা পূজাৰী

    গুৱাহাটীঃ অসমৰ এগৰাকী জনপ্ৰিয় হিন্দী লেখিকা অঞ্জনা জৈনৰ তিনিখন গ্ৰন্থ আজি গুৱাহাটীৰ লোহিয়া লায়নচ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ সভাত একেলগে উন্মোচন কৰা হয়। অসমৰ জাতীয় সংগীতৰে আৰম্ভ কৰা উন্মোচনী সভাত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট অতিথি সকলে।অঞ্জনা জৈনৰ কবিতা সংকলন “প্যাজ কী চিলকে”,দৈনন্দিন ঘটনা আধাৰিত মৌলিক গ্ৰন্থ “গুটৰগূ” আৰু পূৰ্বে প্ৰকাশিত হিন্দী গ্ৰন্হ “মনমন্হন”ৰ একে নামতে কৰা অসমীয়া অনুবাদ গ্ৰন্থ তিনিখনৰ উন্মোচনী সভাখনত মুখ্য অতিথি হিচাপে বিশিষ্ট লেখিকা তথা সাদিন কাকতৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী আৰু সন্মানিত অতিথি হিচাপে বিশিষ্ট সমাজকৰ্মী কৈলাস লোহিয়া আৰু ৰয়েল গ্লোৱেল বিশ্ববিদ্যালয়ৰ আচাৰ্য ড:অশোক পানচাৰীয়ে আসন শুৱনি কৰে।

    উন্মোচনী পৰ্বত হিন্দী প্ৰাত:খবৰৰ সম্পাদক চন্দ্ৰ প্ৰকাশ শৰ্মাই প্যাজ কী চিলকে কবিতা সংকলন খনৰ সম্পৰ্কে এটি সম্যক বিশ্লেষণ আগবঢ়াই বক্তৃতা প্ৰদান কৰে। তেনেদৰে গুটৰগূ গ্ৰন্থ খনৰ ওপৰত বিশ্লেষণাত্মক ভাষণ প্ৰদান কৰে কৈলাস লোহিয়া আৰু অসমীয়া অনুবাদ গ্ৰন্থখনৰ সম্পৰ্কে ব্যাখ্যা আগবঢ়ায় গ্ৰন্থ খনৰ অনুবাদক তথা মাধ্যমিক শিক্ষা পৰিষদৰ শৈক্ষিক বিষয়া ৰঞ্জুমনি মহন্তই। গাম্ভীৰ্যপূৰ্ণ উক্ত গ্ৰন্থ উন্মোচনী সভাখনত আদৰণি ভাষণ প্ৰদান কৰি ৰমেশ চান্দ জৈনে অতিথিসকলক উষ্ম আদৰণি জনায়। “জীৱান্যা”ৰ সৌজন্যত প্ৰকাশিত অঞ্জনা জৈনৰ এই তিনিওখন গ্ৰন্থই অসমৰ হিন্দী সাহিত্য জগতক সমৃদ্ধ কৰি তুলিলে বুলি সভাত উপস্থিত বিশিষ্ট ব্যক্তি সকলে বিশেষ ভাৱে উল্লেখ কৰে। সভাখনত অসমৰ কেবাগৰাকীও সমাজকৰ্মী তথা সাহিত্যককে মুখ্য কৰি ভালেসংখ্যক গণ্যমাণ্য ব্যক্তি উপস্থিত থাকি লেখিকা জৈনৰ সাহিত্য কৰ্মৰ ভূয়সী প্ৰশংসা কৰে। অনুভূতি আৰু মিনাক্ষী জৈনে আত ধৰা সভাখনত শলাগৰ শৰাই আগবঢ়ায় আকাশ জৈনে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.