31.3 C
Guwahati
Saturday, January 24, 2026
More

    Trending Now:

    বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ দেহাৱসান

    সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ কালি সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বার্ধক্যজনিত কাৰণত শিল্পীগৰাকীৰ দেহাৱসান ঘটে। ১৯৪০ চনত জন্মলাভ কৰা যশস্বী...

    শেহতীয়া আপডেটঃ

    সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্রশাসনৰ সহযোগত মনোজ্ঞ অনুষ্ঠান বিশ্বনাথত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক সশ্ৰদ্ধ সোঁৱৰণ

    • সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্রশাসনৰ সহযোগত মনোজ্ঞ অনুষ্ঠান

      বিশ্বনাথত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক সশ্ৰদ্ধ সোঁৱৰণ

    অসম খবৰ বিশ্বনাথ চাৰিআলি, ২০ জুন : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্রশাসনৰ সহযোগত আজি বিশ্বনাথ জিলাতো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সশ্ৰদ্ধ স্মৰণ কৰা হয়। বিশ্বনাথ চাৰিআলি কৃষি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হোৱা এই বিশেষ কাৰ্যসুচীত কলাগুৰুৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি কাৰ্যসূচীৰ পাতনি মেলে উপস্থিত বিশিষ্ট অতিথি সকলে।

    সাধনা সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ প্রাঞ্জল ডেকাৰ পৰিচালনাত মহাবিদ্যালয়খনিৰ ছাত্ৰীৰ দ্বাৰা এটি সমবেত সঙ্গীত পৰিবেশনৰ পিছতেই আদৰণি ভাষণ প্ৰদান কৰে বিশ্বনাথৰ অতিৰিক্ত জিলা আয়ুক্ত অসীম বৰগোহাঁয়ে।

    বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহকাৰী ডীন ড০ ৰণেন বৰ্মন আৰু নিদিষ্ট বক্তা হিচাবে অংশ গ্ৰহণ কৰি বিশিষ্ট লেখক, নিবন্ধকাৰ দিলীপ কুমাৰ ভট্টাচাৰ্যই প্ৰদান কৰা নাতিদীৰ্ঘ ভাষণত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন দৰ্শন, সংগ্ৰাম আৰু অসমৰ সমাজ সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ কথা উল্লেখ কৰে।

    অঞ্জন বৰাই আঁত ধৰা অনুষ্ঠানটিত নৃত্যাঞ্জলি, বিশ্বনাথৰ দ্বাৰা বিষ্ণুৰাভাৰ গীতৰ ওপৰত আধাৰিত একক নৃত্য পৰিবেশন কৰাৰ উপৰিও গীতিকাৰ, সুৰকাৰ, শিল্পী ক্ৰমে দিবাকৰ বৰা, মনজিৎ বৰঠাকুৰ আৰু অনিতা গগৈয়ে বিষ্ণু ৰাভা সঙ্গীত পৰিবেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। এই অনুষ্ঠানতে নলবাৰীত অনুষ্ঠিত হোৱা কলাগুৰু বিষ্ণু ৰাভাৰ কেন্দ্ৰীয় অনুষ্ঠানত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰদান কৰা ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়।

    আজিৰ এই বিশেষ কাৰ্যসুচীত বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া লিজা তালুকদাৰ, বিহালী সম-জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, গহপুৰ সম-জিলা আয়ুক্ত লুকুমনি বৰা, অতিৰিক্ত জিলা আয়ুক্তদ্বয় ৰাকেশ ডেকা আৰু অসীম বৰগোহাঁই, বিশ্বনাথৰ চক্ৰ বিষয়া (সংলগ্ন) মুনচুন বৰকাকতী, নিৰ্বাচনী বিষয়া ধীমান হাজৰিকা, সহকাৰী আয়ুক্ত পুষ্পাংকৰ পাটিৰ, প্ৰশাসনিক বিষয়া গিৰীশ হাজৰিকা, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, জ্যেষ্ঠ নাগৰিক সকল, আমন্ত্ৰিত অতিথিসকলৰ লগতে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds