31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    সংগীত পৰিবেশনৰে সাংস্কৃতিকপ্ৰেমী ৰাইজৰ অন্তৰ জয় কৰিছে পশ্চিম গুৱাহাটীৰ ৰাজাপানীচন্দাৰ উদীয়মান কণ্ঠশিল্পী চিন্ময় ৰাভাই

    আজাৰাঃ পশ্চিম গুৱাহাটীৰ সংগীতৰ জগতখনত শেহতীয়াকৈ এটা চিনাকী নাম হৈছে উদীয়মান কণ্ঠশিল্পী চিন্ময় ৰাভা (দিয়ান)। বৰ্ত্তমান গুৱাহাটীৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত স্নাতক মহলাৰ কলা শাখাৰ তৃতীয় চেমিষ্টাৰত অধ্যয়নৰত চিন্ময়ে সৰুৰে পৰা সংগীতৰ জগতত নিজৰ প্ৰতিভাৰ চানেকি দিবলৈ সক্ষম হৈছে। পশ্চিম গুৱাহাটীৰ আজাৰাস্থিত ছেণ্ট ক্লাৰেট স্কুলৰ পৰা ২০২৩ চনত দ্বাদশ শ্ৰেণীত সফলতাৰে উত্তীৰ্ণ হোৱাৰ সময়োলৈকে তেঁও স্কুলত কেবাবাৰো শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান লাভ কৰিছিল। অসমীয়া আৰু হিন্দীত সমানে সমানে গীত গাব পৰা দক্ষতা থকা ১৯ বছৰীয়া চিন্ময় এজন ভাল গীতাৰিষ্ট হিচাপেও সুখ্যাতি অৰ্জন কৰিছে।

    কিছুদিন আগতে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়তো সংগীত পৰিবেশনৰ লগতে গীটাৰ বজাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হৈছিল চিন্ময়। এজন গীটাৰীষ্ট হিচাপে কম বয়সতে সুনাম অৰ্জন কৰা চিন্ময়ে অসমীয়া, হিন্দী আৰু ৰাভা ভাষাত গীত পৰিৱেশন কৰি সংগীতপ্ৰেমী ৰাইজৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱাৰ লগতে ক্লাচিকেল মিউজিক ধ্ৰুপদী সংগীতো পৰিবেশন কৰিব পাৰে।

    ছেইণ্ট ক্লাৰেট স্কুলত অধ্যয়ন কৰি থাকোতে সাংস্কৃতিক সপ্তাহত শ্ৰেষ্ঠ সংগীত শিল্পী, মিমিক্ৰীত প্ৰথম আৰু ভজনত দ্বিতীয় স্থান লাভ কৰিছিল চিন্ময়ে। উল্লেখ্য যে পশ্চিম গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা কিছু নিলগৰ ৰাজাপানীচন্দাৰ বিশিষ্ট সমাজকৰ্মী শ্যাম ৰাভা আৰু বিনীতা স্বৰ্গীয়াৰী ৰাভাৰ একমাত্ৰ পুত্ৰ চিন্ময়ে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, দ্বীপেন বৰুৱা, অংগৰাগ পাপন মহন্তৰ গীত সমূহ সুন্দৰকৈ পৰিবেশন কৰিব পাৰে। ইয়াৰ উপৰিও বিভিন্ন প্ৰান্তত অনুষ্ঠিত ৰাভা সংগীত, জ্যোতি সংগীত প্ৰতিযোগিতা সমূহত ভাগ লৈ কেবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হোৱা চিন্ময়ে দশম মান শ্ৰেণীত পঢ়ি থকা সময়ৰে পৰা বিহু মঞ্চতো গীত পৰিৱেশন কৰি সাংস্কৃতিকীপ্ৰেমী ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.