শোণিতপুৰ ঢেকীয়াজুলিত মন্ত্ৰী পীজুষ হাজৰিকা সৈতে বৈঠকত জিলা প্ৰশাসন :

 

অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী অশোক সিংহাল বৰছলা বিধান সভা সমষ্টিৰ বিধায়ক গণেশ লিম্বু লগতে শোণিতপুৰ জিলা আৰক্ষী অধীক্ষক আৰু জিলা প্ৰশাসনৰ বিষয়া সকলৰ সৈতে আজি ঢেকীয়াজুলিত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসম চৰকাৰৰ জনসংযোগ মন্ত্ৰী পীজুষ হাজৰিকা ।
হাজৰিকাই জিলা খনৰ উন্নয়ন মুলক কাম কাজৰ লগতে ঢেকীয়াজুলি আৰু বৰচলা দুইটা সমষ্টিৰ বিভিন্ন উন্নয়নমূলক কাৰ্য্যৰ অগ্ৰগতি আৰু পৰিকল্পনা সম্পৰ্কে আলোচনা কৰে ।

আনহাতে এই বৈঠকতে চৰকাৰী ভূমিৰ বেদখল ৰোধৰ সম্পৰ্কেও প্ৰশাসনিক বিষয়া সকলৰ সৈতে আলোচনা কৰে মন্ত্ৰী হাজৰিকাই।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.