শিৱসাগৰ নাজিৰাৰ বালিঘাটত বৃহৎ পৰিমাণৰ গাঞ্জা সহ আটক এজন

♦শিৱসাগৰ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱা,অসম খবৰঃ শিৱসাগৰ নাজিৰাৰ লগতে ইয়াৰ দাতিকাষৰীয়া অঞ্চলত এতিয়া বৃদ্ধি পাইছে গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায়।
আজি শিমলুগুৰি আৰক্ষীয়ে নাজিৰাৰ বালিঘাটত জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা।
শিৱসাগৰৰ পৰা শিমলুগুৰিলৈ আহি থকা অৱস্থাত শিমলুগুৰি আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি নাজিৰাৰ বালিঘাট তিনিআলিত ১০ কে.জি গাঞ্জাসহ এজন গাঞ্জা ব্যৱসায়ীক আটক কৰে৷

আটকাধীন ব্যৱসায়ীজনৰ নাম ইমৰাণ আলি৷
শিমলুগুৰিৰ এজন ব্যক্তিক গাঞ্জাখিনি দিবলৈ আহিছিল ইমৰাণ আলিয়ে।
ইমৰাণ আলিৰ ঘৰ শিমলুগুৰিৰ চন্টকত৷
শিৱসাগৰ নগৰৰ পৰা AS – 04-AC-3673 নম্বৰ টাটা এচি গাড়ীত শিমলুগুৰি নগৰলৈ কঢ়িয়াই আনিছিল ১০কেজিৰ ওজনৰ এই গাঞ্জাখিনি৷
শিমলুগুৰি আৰক্ষীয়ে ১০ কেজি ওজনৰ গাঞ্জা খিনি জব্দ কৰাৰ লগতে ইমৰাণ আলিকো আটক কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.