Thursday, July 10, 2025
33.4 C
Guwahati
TOP NEWS:

মোনাবাৰীত স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ আঞ্চলিক সমিতি গঠন :
নাৰী অধিকাৰ, নাৰী সুৰক্ষাই আমাৰ লক্ষ্য : উৎপল শিৱম

- Advertisement -

মোনাবাৰীত স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ আঞ্চলিক সমিতি গঠন :
নাৰী অধিকাৰ, নাৰী সুৰক্ষাই আমাৰ লক্ষ্য : উৎপল শিৱম :

ASOM KHOBOR বিশ্বনাথ চাৰিআলি ২০ মাৰ্চ:
দেওবাৰে বিশ্বনাথ জিলা বিহালী সমষ্টিৰ মোনাবাৰী চাহ বাগিচাৰ ষ্টাফ ক্লাবত ৰাজ্য সৰ্ববৃহৎ স্বেচ্ছাসেৱী ৰাজ্যিক সংগঠন ৱাৰিৱৰ্ছৰ বিশ্বনাথ জিলা সমিতি উদ্যোগত আৰু মোনাবাৰী ৰাইজৰ সহযোগত এখনি সজাগতা সভা অনুষ্ঠিত হয়। জিলা সভানেত্ৰী অঞ্জলি বৰুৱাৰ সভাপতিত্বত সভা খনৰ উদ্দেশ্য বাখ্যা আৰু চিনাকি পৰ্ব আৰু সম্বৰ্ধনাৰ আঁত ধৰে ৱাৰিৱৰ্ছৰ জিলা সম্পাদক অৰ্জুন ছেত্ৰীয়ে।

ইফালে সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা ৱাৰিৱৰ্ছৰ ৰাজ্যিক সম্পাদিকা সুস্বপনা হাজৰিকা ৱাৰিয়ৰ্ছৰ লক্ষ্য আৰু উদ্দেশ্য কৰণীয় কাম কাজৰ ওপৰত মন্তব্য দাঙি ধৰে। আনহাতে ৰাজ্যিক বিত্ত সম্পাদিকা নিতুপৰ্না শৰ্মাই নিজৰ বক্তব্যত সংগঠনৰ জৰিয়তে কি দৰে ভুক্তভোগী নাৰী দৰিদ্ৰ পৰিয়ালক সহায় কৰিব পাৰি তাৰ ওপৰত বক্তব্য প্ৰদান কৰে।
ইফালে বিশ্বনাথ জিলা ৱাৰিৱৰ্ছৰ উপদেষ্টা পিন্স মহ: চামছুল হকে উপস্থিত ৰাইজক উদ্দেশ্য কৰি বহু কেইটা পৰামৰ্শ আৰু নাৰী সুৰক্ষা ওপৰত পৰামৰ্শ আগবঢ়াই।
গুৰুত্বপূৰ্ণ সজাগতা সভা খনত বিশিষ্ট অতিথিৰূপে উপস্থিত থকা সংগঠনটোৰ ৰাজ্যিক অধ্যক্ষ তথা ৱাৰিৱৰ্চৰ জন্মদাতা উৎপল শিৱমে নিজৰ ভাষাণত কয় ৱাৰিৱৰ্ছৰ মুল লক্ষ্য উদ্দেশ্যয়েই হৈছে ৰাজ্যখনত শোষিত ভুক্তভোগী নাৰী সকলক আমি সুৰক্ষা দিয়া লগতে সজাগতা সৃষ্টি কৰা।
কিদৰে সমাজ খনত পুৰুষৰ সমানে সমানে নাৰী সকলৰ জৰিয়তে এখন সুন্দৰ আৰু নিকা সমাজ গঢ়াৰ ক্ষেত্ৰত আমি ৱাৰিৱৰ্ছৰ জৰিয়তে সবল ভুমিকা পালন কৰিব লাগিব বুলি গুৰুত্বপুৰ্ন বক্তব্য প্ৰদান কৰে।ইফালে সভাত উপস্থিত থাকে জিলা সহ: সম্পাদিকা ববী শইকীয়া,মোনাবাৰী গাওঁ পঞ্চায়ত সভানেত্ৰী,প্ৰাক্তন শিক্ষয়িত্ৰী লগতে অঞ্চলটোৰ উদিয়মান যুৱক-যুৱতি আৰু বহু গন্য মান্য ব্যক্তি।
সভাৰ শেষত এইখন সভাতে ৱাৰিৱৰ্ছৰ মোনাবাৰী আঞ্চলিক সমিতি খন গঠন কৰে সভাই ।
আঞ্চলিক সমিতি খনৰ
উপদেষ্টা হিচাপে অঞ্জনা হাজৰিকা, মিতালি মহানন্দ
আইনি উপদেষ্টা হিচাপে, প্ৰনামি কুমাৰি লগতে সমিতি খনৰ
সভাপতি হিচাপে জিত তাঁতি,উপ: সভাপতি: বিকাশ তচা,
উপ:সভানেত্ৰী : পুষ্পা দাস
সম্পাদিকা: প্ৰিতি চনা
সহ:সম্পাদক: লখন দীপ
বিত্ত সম্পাদিকা: কবিতা দাস,সহ বিত্ত সম্পাদক: বিমল চুন্ডী,
জন সংযোগ সম্পাদক: পৱন শৰ্মা,কমল ৰজাক
সহ:জনসংযোগ সম্পাদিকা সংগীতা চবৰকলৈ এখন সবল আঞ্চলিক সমিতি গঠন কৰে।

Hot this week

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

Indus Towers Partners with NEAID to Aid Flood Affected Communities in Assam, Manipur and Tripura

Guwahati, July 9, 2025:  Amid the devastating floods that...

Topics

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Related Articles

Popular Categories

Assam
clear sky
32.5 ° C
32.5 °
32.5 °
71 %
1.6kmh
6 %
Thu
30 °
Fri
33 °
Sat
34 °
Sun
31 °
Mon
27 °