31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    মুম্বাইৰ অসমীয়া সমাজৰ প্ৰাক্তন নেত্ৰী ৰূপাঞ্জলি বৰুৱাৰ স্মৃতিত মুম্বাইত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

    গুৱাহাটীঃ মু্ম্বাইৰ অসমীয়া সমাজৰ সদ্য প্ৰয়াত নেত্ৰী, অসম এচোছিয়েশ্বন, মুম্বাইৰ দুবাৰকৈ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰা, মুম্বাইৰ প্ৰবাসী অসমীয়া সমাজত নামঘৰৰ দৰে পবিত্ৰ জাতীয় সংস্কৃতিৰ অনুষ্ঠান প্ৰতিষ্ঠা কৰি যোৱা ৰূপাঞ্জলি বৰুৱাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানটো দেওবাৰে মুম্বাইৰ অসম ভৱনত অনুষ্ঠিত হয়। অসম এচোছিয়েশ্বন মুম্বাই, অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখা আৰু শ্ৰীময়ী অসমীয়া মহিলা মণ্ডলৰ যৌথ উদ্যোগত মুম্বাই নিৱাসী বহু অসমীয়া ৰাইজৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটো মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে ক্ৰমে-অসম এচোছিয়েশ্বন মুম্বাইৰ ভাৰপ্ৰাপ্ত সভাপতি দীপক কুমাৰ দাস, মুম্বাই স্বৰ্ণ শাখাৰ সভাপতি ৰুমা হাজৰিকা, সম্পাদক হিৰণ ভূঞা, শ্ৰীময়ী মহিলা মণ্ডল মুম্বাইৰ সম্পাদক সুমন শৰ্মাই। এক মিনিট মৌন প্ৰাৰ্থনাৰে তেঁওৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰা হয়।


    অনুষ্ঠানটো পৰিচালনা কৰে অসম এচোছিয়েশ্বন মুম্বাইৰ যুটীয়া সম্পাদক বিষ্ণু প্ৰসাদ ৰাভা আৰু শ্ৰীময়ী মহিলা মণ্ডলৰ সম্পাদক সুমন শৰ্মাই। মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখা আজীৱন সদস্য নিভা হাজৰিকাই এটি স্তুতি গীত পৰিৱেশন কৰে। অনুষ্ঠানত শোকবাৰ্তা পাঠ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাই, অসম এচোছিয়েশ্বনৰ ভাৰপ্ৰাপ্ত সভাপতি দীপক কুমাৰ দাসে।
    অনুষ্ঠানতৰূপাঞ্জলি বৰুৱাৰ পৰিয়ালৰ হৈ দেৱজিৎ শইকীয়াই এটি চমু ব্যক্তব্য ৰাখে। অনুষ্ঠানত ৰুমা হাজৰিকা, ত্ৰিনয়ন সন্দিকৈ, বিনোদ শইকীয়াকে আদিকৰি কেইবাজনো গুণমুগ্ধ অসমীয়া বক্তাই ৰূপাঞ্জলি বৰুৱাই মুম্বাইৰ প্ৰবাসী অসমীয়া সমাজখনৰ কাৰণে কৰি যোৱা নিস্বাৰ্থ সেৱাৰ শ্ৰদ্ধাৰে স্মৰণ কৰে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.