ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক ওপজা দিন পালন ৰঙিয়াৰত।

ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক ওপজা দিন পালন ৰঙিয়াৰত।
অসম খবৰ ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদৰ ৮ ছেপ্টেম্বৰ ::

ভূপেন দা অনুৰাগী গীৰেন্দ্ৰ ভূঞাৰ ব্যাতিক্ৰমী প্ৰচেষ্টাৰে ৰঙিয়াৰ তৰণীত ৯৫ সংখ্যক ওপজা দিন উদযাপন কৰা হয়।
পত্নী পবিত্ৰা ভূঞা তথা মণ্ডলপাৰা চুবুৰীবাসী ৰাইজৰ সহযোগত বুধবাৰে দ্বিতীয় বৰ্ষৰ বাবে সুধাকণ্ঠৰ জন্ম দিনটো জাক জমকতাৰে উদযাপন কৰা হয়।
আৰম্ভণিতে বন্তি প্ৰজ্বলনে আৰম্ভ হোৱা অনুষ্ঠানটোত
গছপুলি ৰোপন কৰাৰ লগতে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰা হয়।
উল্লেখ্য যে পিতৃ জ্ঞান কৰা সুধাকণ্ঠৰ মহাপ্ৰয়ানৰ পাছত গীৰেন্দ্ৰ ভূঞাই তিনি দিনকৈ উপবাসে থাকি অকৃত্ৰিম শ্ৰদ্ধাৰ নিদৰ্শন দাঙি ধৰিছিল ৰঙীয়াত।
ভূঞাৰ এই প্ৰচেষ্টাৰ শলাগ লয় ৰঙীয়াবাসীয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.