বিহালী নাচবৰত চুৰি ঘটনা :প্রায় দহ লক্ষাধিকৰ সম্পত্তি

বিহালী থানাৰ অন্তর্গত নাচবৰত যোৱা কালি দিন দুপৰতে চুৰি কার্য সংঘটিত হৈছে ।
জানিব পৰা মতে নাচবৰৰ লোকনাথ ঘিমিৰেৰ ঘৰত ঘৰৰ কোনো মানুহ নথকাৰ সময়তে দিনৰ দুই বজাৰ পৰা তিনি বজাৰ ভিতৰত ঘৰৰ দুৱাৰৰ তলা ভাঙি চোৰে প্রবেশ কৰি আলমাৰীৰ পৰা নগদ ১.৫০লাখ টকা আৰু চাৰি তোলা সোণৰ অলংকাৰ সহ অন্যান্য মুল্যবান সা-সামগ্রী লৈ যায় ।

আনহাতে তেওলোকৰ এটিএম,ভোটাৰ কার্ড,পান কার্ড আৰু অন্যান্য নথিপত্র ডুবিয়াত পোৱা গৈছে বুলি পৰিয়ালে জানিবলৈ দিছে !আনহাতে ২০১৩ চনতো লোকনাথৰ ঘৰত দিনতেই চুৰি হৈছিল বুলি জানিবলৈ দিছে !এই সম্পর্কত বিহালী থানাত এজাহাৰ দাখিল কৰিছে !আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও কাকো আটক কৰিব পৰা নাই !

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.