বিশ্বানাথত বিশ্ব দিব্যাংগ দিৱস

বিশ্বানাথত বিশ্ব দিব্যাংগ দিৱস

মনোজ প্ৰসাদ আৰু উৎপল ভূঞাক জিলা প্ৰেৰণা বঁটা প্ৰদান

প্ৰতিদিন বিশেষ সংবাদ, বিশ্বনাথ চাৰিআলি৩ডিচেম্বৰ–বিশ্বনাথ চাৰিআলিৰ পাভৈ প্ৰাথমিক বিদ্যালয়ত আজি অনুষ্ঠিত কৰা হয় বিশ্ব দিবংগ দিৱস। বিশ্বনাথ প্ৰাথমিক শিক্ষা খণ্ড আৰু সর্বশিক্ষা অভিযানৰ উদ্যোগত অনুষ্ঠিত কৰা হয় বিশ্ব দিব্যাংগ দিৱস । আজি এই উপলক্ষে দিব্যাংগ শিশু সকলৰ মাজত খেল ধেমালি ৰ আয়োজন কৰা হয়। আজিৰ অনুষ্ঠান আৰম্ভ কৰা হয় পাভৈ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে। পাভৈ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলীপ পৌৰেলে আঁত ধৰা সভাত সভাপতিত্ব কৰে বিশ্বনাথ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কৰুণা কান্ত ভট্টই। অনুষ্ঠানত জন স্বাস্থ্য বিভাগৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী প্ৰদীপ খাউণ্ড আৰু ছাত্ৰী শিল্পী বৰাই গীত পৰিবেশন কৰি ৰাইজক আপ্লুত কৰে।অনুষ্ঠানত জিলা আঁচনি বিষয়া বেদব্ৰত বৰা, দিবাকৰ বৰাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।অনুষ্ঠানত সর্বশিক্ষা অভিযানৰ দিব্যাংগ শাখাৰ চাৰু কমল নেওগে বিশ্ব দিব্যাংগ দিৱসৰ ওপৰত বক্তব্য আগবঢ়ায়।এই সভাত বিভিন্ন খেল ধেমালি প্ৰতিযোগিতাত বঁটা লাভ কৰা ছাত্ৰ ছাত্ৰীক বঁটা প্ৰদান কৰা কৰা হয়। দিব্যংগ শিশু সকলৰ ছয় দুৱাৰ ৰ নেহেৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক মনোজ প্ৰসাদক প্ৰেৰনা বঁটা প্ৰদান কৰা হয়।এই অনুষ্ঠানতে বিশেষ ভাবে সক্ষম কৃতি ছাত্ৰ উৎপল ভূঞাক প্ৰেৰণা বঁটা প্ৰদান কৰাৰ লগতে এটা টি ভি প্ৰদান কৰা হয়।ছাত্ৰ জনৰ হৈ পিতৃ খগেন ভূঞা ই এই বঁটা গ্ৰহণ কৰে। আজি একে দিনাই পাভৈ প্ৰাথমিক বিদ্যালয়ৰক শ্ৰেণীৰ বাবে আটক ধুনীয়াকৈ সজাই তোলা এটা শ্ৰেণী কোঠা উদ্বোধন কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.