বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষকক সম্বর্ধনা ৰাংছালী আর্থ-সামাজিক উন্নয়ন সমিতিৰ

 

অসম খবৰ বিশ্বনাথ চাৰিআলি, ৪ অক্টোবৰ :
সােমবাৰে
বিহালী সদৌ ৰাংছালী আর্থিক সামাজিক উন্নয়ন সমিতিৰ এটি সঁজাতী
দলে বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি সম্বর্ধনা জনােৱাৰ
লগতে বিভিন্ন বিষয়ত এখনি স্মাৰক-পত্র প্রদান কৰে। উল্লেখযােগ্য যে
ৰাংছালী জনতা খেলপথাৰত নিকটৱর্তী অঞ্চলৰ বহু শিক্ষিত যুৱক-যুৱতীয়ে অসম
চৰকাৰ, কেন্দ্রীয় চৰকাৰৰ সেনা বাহিনী, অসম আৰক্ষী কনিষ্টবলকে ধৰি
বিভিন্ন সামৰিক বিভাগৰ সাক্ষাৎকাৰ সমূহত অৱতীৰ্ণ হ’বৰ বাবে প্রশিক্ষণ
গ্রহণ কৰি আছে নিজাববীয়াকৈ। উক্ত যুৱক-যুৱতীসকলক বিশ্বনাথ জিলা
আৰক্ষী প্রশাসনৰ তৰফৰ পৰা শাৰীৰিক আৰু লিখিত পৰীক্ষাৰ বাবে বিশেষ
প্রশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিবলৈ আৰক্ষী অধীক্ষকৰ অনুৰােধ জনায় আর্থসামাজিক উন্নয়ন সমিতিয়ে। আৰক্ষী অধীক্ষকগৰাকীয়ে শীঘ্ৰে কাৰ্যকৰী কৰাৰ
আশ্বাস প্রদান কৰে বুলি জানিবলৈ দিয়ে ৰাংছালী আর্থ-সামাজিক তৰফৰ পৰা।
আনহাতে এই বিষয়ে ইতিমধ্যে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই তেখেতৰ
সৈতে আলােচনা কৰা বুলিও প্রকাশ কৰে সঁজাতী দলটোৱে। আৰক্ষী
অধীক্ষকক সাক্ষাৎকালত সমিতিৰ সভাপতি চিৰাজ হাজৰিকা, কার্যকৰী
সভাপতি সঞ্জীৱ কুমাৰ দাস, সম্পাদক পল্লৱ বৰুৱা, সহ-সম্পাদক জিন্টু দাস,
মুখ্য উপদেষ্টা অৰূপ কুমাৰ দাস, ৰঞ্জন বণিয়া, প্রচাৰ সম্পাদক তুলতুল দাস,
নয়ন দাস, কল্যাণ হাজৰিকা উপস্থিত থাকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.