বিশ্বনাথত স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ আলোচনা সভা

বিশ্বনাথত স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ আলোচনা সভা :

যোৱা শুক্ৰবাৰে বিশ্বনাথ চাৰিআলি পূৰবী শইকীয়া বাসগৃহত স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ এখনি বিশেষ সভা অনুষ্ঠিত হৈ যায়। স্বেচ্ছাসেৱী সংগঠন Wariors ৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা সভা খনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়।

বিশেষকৈ সভাত আলোচনা মৰ্মে আগন্তুক সংগঠনটোৰ
জিলা সমিতিৰ প্ৰতিষ্ঠা দিৱস তথা বাৰ্ষিক অধিবেশন খনি
অহা ৩ অক্টোবৰ ২০২২ত বিস্তৃত ভাৱে ৰূপায়ণৰ কৰা সিদ্ধান্ত গ্ৰহণ কৰে সভাই । ইয়াৰ পিছতে আঞ্চলিক সমিতি সমূহ সক্ৰিয় কৰাৰ লগতে যৌথ ভাৱে মিলিত হোৱাৰ পোষকতা,জিলা সমিতিলৈ উপদেষ্টা সূৰ্য নাৰায়ণ পাণ্ডেক মনোনীত কৰাৰ, ববী শইকীয়াক সহ সম্পাদিকা হিচাবে দায়িত্ব অৰ্পণ কৰা লগতে জিলা সমিতিৰ বেংক একাউণ্ট খোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি প্ৰস্তাৱ গ্ৰহণ কৰে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে

স্বেচ্ছাসেৱী সংগঠনটোৰ জনংযোগ সম্পাদিকা
মানসী কলিতাই।

1 Comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.