বিশ্বনাথত সদৌ অসম সাংবাদিক সন্থাৰ ৫ সাংবাদিকলৈ সাংবাদিকতা বটাঁ প্ৰদান

বিশ্বনাথত সদৌ অসম সাংবাদিক সন্থাৰ ৫ সাংবাদিকলৈ সাংবাদিকতা বটাঁ প্ৰদান

মূখ্য অতিথি হিচাপে উপস্থিত বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী

১১ মে:-সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ উদ্যোগত বিগত বৰ্ষৰ পৰা প্ৰদান কৰা সাংবাদিক জগতৰ মহিৰোহ স্বৰূপ ৰাধিকা মোহন ভাগৱতী, প্রফুল্ল চন্দ্ৰ বৰুৱা, হৰি বৰ্মন আৰু শহীদ সাংবাদিক মানিক দেউৰী সোঁৱৰণী সাংবাদিকতা বঁটা আজি অসমৰ ৫ গৰাকী বিশিষ্ট সাংবাদিকক প্ৰদান কৰা হয়।

সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ উদ্যোগত আৰু বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সহযোগত বিশ্বনাথ চাৰিআলিৰ কমলা কান্ত নাট্য সমাজৰ প্ৰেক্ষাগৃত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰে। আজি পুৱা পতাকা উত্তোলন কৰে সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথে ৷বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি লগতে সমবেত সংগীত সংগীতেৰে আৰম্ভ হোৱা কাৰ্যসূচীত প্ৰয়াত আটাইকেইজন মহীৰূহ সাংবাদিকক শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷উল্লেখ্য যে ৰাধিকা মোহন ভাগৱতী সোঁৱৰণী সাংবাদিকতাৰ বঁটা আগবঢ়োৱা হয় অসমৰ বিশিষ্ট সাংবাদিক দ্যা আসাম টিব্রিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱা লৈ৷ প্ৰফুল্ল চন্দ্ৰ বৰুৱা সোঁৱৰণী সাংবাদিকৰ বঁটা আগবঢ়োৱা হৈছে অসমৰ আন এগৰাকী বিশিষ্ট সাংবাদিক নৰ্থ ইষ্ট লাইভৰ মুখ্য সম্পাদক ৱাচবিৰ হুচেইন লৈ। হৰি বৰ্মন সোঁৱৰণী সাংবাদিকতাৰ বঁটা আগবঢ়োৱা হৈছে দৈনিক অগ্রদূত কাকতৰ সম্পাদক প্রাঞ্জল সেন ডেকা লৈ আৰু শ্বহীদ সাংবাদিক মানিক দেউৰী সোঁৱৰণী সাংবাদিকতাৰ বঁটা যুটীয়া ভাবে আগবঢ়োৱা হৈছে আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা আৰু প্ৰতিদিন টাইমৰ যুটীয়া সম্পাদক শোণিত কুমাৰ ভূঞালৈ। উল্লেখ্য যে উক্ত বঁটা সমূহৰ লগত প্ৰশস্তিপত্ৰৰ লগতে নগদ ধন আগবঢ়োৱা হয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.