বিশ্বনাথত ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আৰু বিশ্বনাথ জিলাৰ সহযোগত মাস্ক বিতৰণ,কভিড-১৯ সজাগতা

◊বিশ্বনাথঃ সমগ্র ৰাজ্যতে ক’ভিড-১৯ মহামাৰীৰ ভয়াবহতাই দেখা দিছে৷ ইফালে এই মহামাৰীৰ পৰা ৰক্ষা পাবলৈ ৰাজ্য চৰকাৰে নতুন নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে। আনহাতে এই ক’ভিড পৰা সমাজ খনক সুৰক্ষিত ৰাখিবলৈ আৰম্ভ কৰিছে বিশ্বনাথ জিলা ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ সদস্য সকলে সজাগতা।

দেওবাৰে যুৱ মৰ্চাৰ সদস্য সকলে বিহালী সমষ্টিৰ ৰঙাগড় চাহ বাগিচাৰ লগতে ৰঙাগড় কেইবাখনো গাওঁৰ উপৰিও বৰগাংৰ বিভিন্ন অঞ্চলত যুৱ মৰ্চাৰ সদস্য গৈ ৰাইজক সজাগ কৰা মাস্ক বিতৰণ কৰি ৰাইজক ক’ভিড-১৯ৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ আহ্বান জনাই।

এই সজাগতা আৰু মাস্ক বিতৰণত বিশেষকৈ বিহালী মণ্ডল যুৱ মৰ্চাৰ সদস্য, বিশ্বনাথ জিলাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সম্পাদক দ্বীপজ্যোতি দত্ত, বিহালী মণ্ডল ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি পংকজ বৰা আৰু বিহালী মণ্ডলৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তা সকলে অংশগ্ৰহণ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.