Friday, May 16, 2025
25.1 C
Guwahati

বিশ্বনাথত প্ৰকল্প প্ৰস্তুতৰ শিক্ষক প্ৰশিক্ষণৰ সামৰণি

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

অসম খবৰ :

২৯ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত প্ৰকল্প প্ৰস্তুতৰ বাবে বিশ্বনাথ জিলাৰ বিজ্ঞান শিক্ষকৰ মাজত ২৮, ২৯ আৰু ৩০ অক্টোবৰত তিনিদিনীয়া অনলাইন প্ৰশিক্ষণৰ সফল সামৰণি পৰে। ‘বহনক্ষম জীৱনধাৰণৰ বাবে বিজ্ঞান’ শীৰ্ষক মূল বিষয়ৰ ওপৰত ২৮ অক্টোবৰত ‘প্ৰকল্পৰ তত্ত্বাৱধায়ক’ সকলৰ মাজত অনুষ্ঠিত কৰা কৰ্মশালাখন পৰিচালনা কৰে বিশ্বনাথ জিলা শিশু বিজ্ঞান সমাৰোহৰ সাংগঠনিক সমিতিৰ কাৰ্যকৰী সভাপতি ৰাণা প্ৰসাদ হাজৰিকাই। জিলা শৈক্ষিক বিষয়া বেদব্ৰত বৰা আৰু ৰবিন্দ্ৰ হাজৰিকাই আঁত ধৰা কৰ্মশালাখনৰ উদ্বোধন কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত তথা বিশ্বনাথ জিলা শিশু বিজ্ঞান সমাৰোহৰ সাংগঠনিক সমিতিৰ সভাপতি প্ৰণৱ কুমাৰ শৰ্মাই। তিনিদিনীয়া শিক্ষক প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ৰিপুঞ্জয় বৰদলৈ আৰু বিশ্বনাথ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ দেৱাশিষ শৰ্মাই দায়িত্ব পালন কৰে। উল্লেখ্য যে উপায়ুক্ত গৰাকীয়ে বিশ্বনাথ জিলাৰ প্ৰত্যেক বিদ্যালয়ৰ পৰা ১০ বছৰৰ পৰা ১৭ বছৰৰ ভিতৰৰ ছাত্ৰ-ছাত্ৰীৰ দুটাকৈ প্ৰকল্প জিলা সমাৰোহত অংশগ্ৰহণ কৰিবলৈ বাধ্যতামূলক বুলি ঘোষণা কৰিছে। প্ৰকল্প আৰু আৰ্হি প্ৰস্তুতে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশত যথেষ্ট অৰিহণা যোগোৱাৰ বাবেই এই নিৰ্দেশ দিয়া হৈছে বুলি অতিৰিক্ত উপায়ুক্ত ডক্টৰ সূৰ্য কমল বৰাই সাংবাদিকক জানিবলৈ দিয়ে। জিলা সমন্বয়ক ৰিপুঞ্জয় বৰদলৈয়ে সাংবাদিকক জনোৱামতে অহা ১৫ নৱেম্বৰত বিশ্বনাথ জিলা শিশু বিজ্ঞান সমাৰোহ অনলাইন মাধ্যমৰ সহায়ত অনুষ্ঠিত কৰিবলৈ যাৱতীয় ব্যৱস্থা হাতত লোৱা হৈছে। সেইবাবে প্ৰত্যেক বিদ্যালয়ে অহা ১৩ নৱেম্বৰৰ ভিতৰত গ’গল ফৰ্মৰ জৰিয়তে অনলাইন প্ৰকল্পৰ পঞ্জীয়ন কৰাৰ লগতে প্ৰজেক্ট ৰিপৰ্ট আৰু লগ বুক বিশ্বনাথ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত জমা দিবলৈ সকলো বিদ্যালয়লৈ বাৰ্তা প্ৰেৰণ কৰিছে। উল্লেখ্যযোগ্য যে, ১৯৯৩ চনৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত নৱগঠিত বিশ্বনাথ জিলাই ২০১৮ চনত শ্ৰেষ্ঠ জিলা আৰু শ্ৰেষ্ঠ আলোচনীৰ খিতাপ অৰ্জন কৰি নতুন জিলাখনলৈ সন্মান আৰু গৌৰৱ কঢ়িয়াই আনিছিল।

 

প্ৰেৰক  ৰমেশ চন্দ্ৰ চৰেণ

- Advertisement -

Hot this week

Topics

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Related Articles

Popular Categories

Assam
broken clouds
24.2 ° C
24.2 °
24.2 °
89 %
2.6kmh
69 %
Fri
24 °
Sat
35 °
Sun
28 °
Mon
34 °
Tue
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds