31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    বালিসত্র সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত তৃতীয় বাৰ্ষিক কাতি বিহু উদযাপন

    ● ৰঙিয়াৰ অন্তৰ্গত বালিসত্র সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত ঐতিহ্যমণ্ডিত বালিসত্র সৎসঙ্গী সত্ৰ প্ৰাঙ্গণত আজি তৃতীয় বাৰ্ষিক দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অসমীয়াৰ চেনেহৰ কাতি বিহু উদযাপন কৰা হয়।

    কাতি বিহু উপলক্ষে পুৱা ৭.৩০ বজাত বিহুৰ পতাকা উত্তোলন কৰে বালিসত্র সংস্কৃতি সুৰক্ষা মঞ্চৰ সভাপতি চন্দন কুমাৰ দাসে । ৭.৫৫ বজাত বালিসত্র আঞ্চলিক সাহিত্য সভা (স্বৰ্ণ শাখা) ৰ সভাপতি ইব্রাহীম আলী আৰু বিশিষ্ট সমাজসেৱক জগদীশ বৰুৱাই স্মৃতি তর্পন কৰে। ৮ বজাত তুলসী গছ ৰোপণ কৰে বালিসত্র আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি নলীৰাম কুমাৰ, জি এন বি ক্লাৱৰ সম্পাদক কৈলাশ কলিতাৰ লগতে অৰুণোদয় জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰতিভা নাথ কুমাৰে।

    ইয়াৰ পিছত আয়তী নাম পৰিবেশন আৰু শ্রীশ্রী বংশী গোপাল শাস্ত্ৰ অধ্যয়ন চক্রৰ দ্বাৰা ভাগৱত পাঠ অনুষ্ঠিত হয় । দিনৰ ১২ বজাত বালিসত্র আঞ্চলিক সাহিত্য সভা (স্বৰ্ণ শাখা) ৰ প্ৰাক্তন সভাপতি বিপিন চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ক্ৰমে ভাৰতীয় জনতা পাৰ্টি, উত্তৰ কামৰূপ জিলাৰ উপ-সভাপতি পিনকেশ্বৰ কলিতা, বিষ্ণুপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী দীপ্তি দাস, আঞ্চলিক সদস্য কনক কলিতা, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা হেমন্ত দাস, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি ভৱ জ্যোতি ডেকাই। সন্ধিয়া ৬ বজাত বালিসত্র সৎসঙ্গী সত্ৰৰ সত্ৰাধিকাৰ ৰবীন্দ্ৰ নাথ গোস্বামী, বালিসত্র আঞ্চলিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক দেবেন্দ্ৰ নাথ বৈশ্য, মিলন মন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ঘনশ্যাম কুমাৰ, বিশিষ্ট সমাজসেৱক ৰত্নেশ্বৰ কলিতা আৰু বালিসত্র সংস্কৃতি সুৰক্ষা মঞ্চৰ প্ৰতিষ্ঠাপক সম্পাদক সুশীল চন্দ্ৰ ডেকাই তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰিব। উক্ত অনুষ্ঠান সমুহ অঞ্চলবাসীৰ সহায়-সহযোগীতা তথা উপস্থিতিৰ শ্ৰদ্ধাৰে শলাগৰ শৰাই আগবঢ়াব নৱনিযুক্ত সভাপতি চন্দন কুমাৰে ।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.