বায়ু সেনা আৰু অন্যান্য সংস্থাৰ সহায়ত স্থানান্তৰ কৰা হ’ল ডিমা হাছাওত আৱদ্ধ হৈ থকা ২৮০০ যাত্ৰীক

গুৱাহাটী,১৭ মে’:

নেৰানেপেৰা বৰষুণৰ ফলত শিলচৰ-লামডিং ব্ৰডগজ ৰেলপথত ভূমিস্খলন। পাহাৰ লাইনৰ দাওটোহাজা আৰু ফাইডিং ৰে’ল ষ্টেচনৰ মাজৰ 77/3-4 কিলোমিটাৰ এলেকাত এই ভূমিস্খলন সংঘটিত হয় । উল্লেখ্য যে, বিগত দুদিন ধৰি ডিমা হাছাও জিলাৰ লগতে চুবুৰীয়া অঞ্চলত ধৰাষাৰ বৰষুণ হোৱাৰ ফলত পাহাৰীয়া অঞ্চলটোত ঠায়ে ঠায়ে ভূমিস্খলন হোৱাৰ লগতে শিলচৰ-লামডিং ব্ৰডগজ ৰে’লপথতো ভূমিস্খলন হয়।

নেৰানেপেৰা বৰষুণৰ ফলত হোৱা এই বৃহৎ ভূমিস্খলনৰ বাবে দুদিন ধৰি আৱদ্ধ হৈ থকা দুখন ৰে’লৰ প্ৰায় ২৮০০ যাত্ৰীক সোমবাৰে বায়ু সেনা আৰু অন্যান্য সংস্থাৰ সহায়ত স্থানান্তৰ সম্পূৰ্ণ কৰা হয়।উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এক বিশেষ সূত্ৰৰ মতে শনিবাৰৰ পৰা চলি থকা উদ্ধাৰ অভিযানত নেৰানেপেৰা বৰষুণে বাধা প্ৰদান কৰাৰ বাবে এই অভিযানত কিছু পলম হয়।

সোমবাৰে অসমৰ সাতখন জিলাত নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ ফলত হাফলঙতেই তিনিজন লোকনিহত হৈছে আৰু ৫৭,১১৯ জন লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।ক্ষতিগ্ৰস্ত লোকসকলৰ ৪,৩৩০ জনক চৰকাৰে স্থাপন কৰা ২০ টা সাহায্য শিবিৰত ৰখা হৈছে। 

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.