বানে উটুৱাই নিলে কৃষ্ণাইৰ ব্ৰিটিছে নিৰ্মাণ কৰা লোৰ দলং || পকী দলং নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ

■ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ মাজ মজিয়াৰে বৈ গৈছে কৃষ্ণাই নৈ ৷ এই কৃষ্ণাই নৈৰ ওপৰত ১৮৮৮ চনতে বৃটিছে লো তীখাৰে নিৰ্মাণ কৰিছিল এখন বৃহৎ দলং ৷ যিখন দলঙে নৈৰ দুয়ো পাৰে বসবাস কৰা কৃষ্ণাইবাসী ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত আমুল পৰিবৰ্তন সাধিছিল।

৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ পূৰ্বে এই দলঙৰ ওপৰেদিয়ে গোৱালপাৰা গুৱাহাটীৰ মাজত চলিছিল বাছ সেৱা। আহ-যাহ কৰিছিল মালবাহী গাড়ী৷ পিছে সেই দলং আজি অতীত৷ ২০১৪ চনৰ প্ৰলংকৰী বানে উটুৱাই নি ভগ্নস্তূপত পৰিণত কৰিলে এই প্ৰাচীন দলং খন৷ যাৰ পৰিণতিত কৃষ্ণাই নৈৰ পূৱ প্ৰান্তত বসবাস কৰা লোকসকল কৃষ্ণাই বজাৰ তথা স্কুল-কলেজলৈ আহ-যাহ কৰাত সীমাহীন সমস্যাত পৰিছে।

আনহাতে কৃষ্ণাই নৈৰ পূৱ পাৰত অৱস্থিত কৃষ্ণাই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ যাবৰ বাবেও পশ্চিম দিশৰ ৰাইজে বহু সময় অপচয় কৰিব লগা হৈছে৷ দলংখন নথকাৰ ফলত এতিয়া দুই মিনিটৰ পথৰ বাবে ৰাইজে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ঘূৰি আধাঘণ্টা সময় নষ্ট কৰিব লগীয়াত পৰিছে। কাৰণ সকলোৰে বাবে নাৱৰে যাতায়াত কৰাটো কোনো মতেই সম্ভৱ নহয়৷ সেয়ে কৃষ্ণাই বাসী ৰাইজে ভগ্ন লোৰ দলং খনৰ স্থানত এখন পকী দলং নিৰ্মাণ কৰি অঞ্চলটোৰ যাতায়াত সুচল কৰি তুলিবলৈ চৰকাৰক দাবী জনাইছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.