Friday, June 20, 2025
25.2 C
Guwahati
TOP NEWS:

প্ৰথিতযশা নৃত্যাচাৰ্য্য, পদ্মভূষণ সন্মান প্ৰাপক যতীন গোস্বামীক ‘পৰাগজ্যোতি প্ৰকাশ’ৰ পৰা উষ্ম সম্বৰ্দ্ধনা

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

‘আজিৰ সৰ্বাধিক সংখ্যক মানুহৰ সজাগতা কম’- যতীন গোস্বামী

ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান “পদ্মভূষণ” সন্মান প্ৰাপক, প্ৰথিতযশা নৃত্যাচাৰ্য্য, সঙ্গীত নাটক বঁটা বিজয়ী যতীন গোস্বামীক আজি মহানগৰীৰ নুনমাটিৰ আনন্দ নগৰস্থিত নিজ বাসভৱনত “পৰাগজ্যোতি প্ৰকাশন”ৰ তৰফৰ পৰা উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে। প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আত ধৰা অনুষ্ঠানত চাৰি কুৰি বাৰ বছৰ গৰকা যশস্বী শিল্পী গোস্বামীক ফুলাম গামোচা, চেলেং চাদৰ, কিতাপৰ টোপোলা, প্ৰশস্তি পত্ৰ আদিৰে সম্ভাষণ জনায়।

অনুষ্ঠানত অংশ গ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, “সাহিত্য কোঁৱৰ” কমল কলিতাই কয়- ” যতীন গোস্বামীয়ে ভৰযৌৱন বয়সৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈ ভিন ভিন থিয়েটাৰৰ জৰিয়তে এশৰো অধিক নৃত্য নাটিকা ৰছনা -পৰিচালনাৰে, নৃত্য প্ৰদৰ্শন কৰি মানুহৰ মাজত মচিব নোৱৰা সাঁচ বহুৱাই থৈছে। ভাৰত চৰকাৰে এইজনা বৰেণ্য শিল্পীক পদ্মবিভূষণ সম্মান প্ৰদান কৰিব লাগে।” আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া কন্ঠশিল্পী, গীতিকাৰ ডিজেন‌ কাকতিয়ে কয়- “যতীন গোস্বামীয়ে বিশাল সংস্কৃতিৰ পথাৰখনত যোগোৱা অৱদান অন্যন্য।

তেওঁক ৰাজ্য চৰকাৰৰ পৰা কেবিনেট মৰ্যদা সন্মান দিব লাগে।” অনুষ্ঠানত ভাৰতীয় তেল নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা কবি জিনুমণি বৰুৱা, লেখিকা সংস্থা, অসমৰ বামুণীমৈদান শাখাৰ সম্পাদিকা তথা লেখিকা পুতুলী ঠাকুৰীয়া মেধি প্ৰভৃতিয়ে বক্তব্য দাঙি ধৰি যশস্বী নৃত্যশিল্পী যতীন গোস্বামী সু-স্বাস্থ্যৰে দীৰ্ঘায়ু জীৱন কামনা কৰে। সম্বৰ্দ্ধনা গ্ৰহণ কৰি পদ্মভূষণ যতীন গোস্বামীয়ে কয়- ” পৰাগজ্যোতি প্ৰকাশনৰ সাৰ্থক প্ৰচেষ্টা প্ৰশংসনীয়। এই সম্বৰ্দ্ধনাই তেওঁক আৰু আগুৱাই লৈ যাবলৈ সাহস দিব।‌” গোস্বামীয়ে আৰু কয়- “আজিৰ সৰ্বাধিক সংখ্যক মানুহৰ সজাগতা কম। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য আৰু আশীৰ্বাদ থকাৰ বাবে আজি‌ এইখিনি সফলতা পাইছে। নৃত্যশিল্পী সকলে গভীৰ অধ্যয়ন, অনুশীলন, একাগ্ৰতা, দূৰদৃষ্টিসম্পন্ন চিন্তাৰে খোজ দিব লাগে।”

- Advertisement -

Hot this week

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °