Monday, June 16, 2025
29.9 C
Guwahati
TOP NEWS:

নিৰ্মাণকাৰ্যত সততাৰ নতুন অধ্যায় মুকলিৰ প্ৰতিশ্ৰুতিৰে তাজ চিমেন্টৰ ‘দ্য অনেষ্ট চিমেন্ট’ অভিযানৰ শুভাৰম্ভণি

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

● গুৱাহাটী: শক্তিশালী ভেঁটিৰ আৰম্ভণি ঘটে সততাৰ জৰিয়তে। এনে পৰিপ্ৰেক্ষিততে নিৰ্মাণ প্ৰক্ৰিয়াত সততা, স্বচ্ছতা আৰু বিশ্বাসৰ প্ৰচাৰৰ উদ্দেশ্যে এক ব্যতিক্ৰমী অভিযান– ‘দ্য অনেষ্ট চিমেন্ট’ৰ শুভাৰম্ভ কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ জনপ্ৰিয় চিমেন্ট ব্ৰেণ্ড তাজ চিমেন্টে। এই গুৰুত্বপূৰ্ণ পদক্ষেপটো ১৫ ডিচেম্বৰত সোণাপুৰৰ মেফেয়াৰ ৰিজ’ৰ্টত অনুষ্ঠিত তাজ চিমেন্টৰ বাৰ্ষিক ডিলাৰছ কনফাৰেন্স ২০২৩-২৪ৰ সময়ত মুকলি কৰা হয়।

উল্লেখ্য যে, এই অভিযানৰ জৰিয়তে তাজ চিমেন্টে উচ্চমানৰ সামগ্ৰী ব্যৱহাৰৰ গুৰুত্ব আৰু নিৰ্মাণ ক্ষেত্ৰত নৈতিক মানদণ্ড ৰক্ষাৰ প্ৰয়োজনীয়তা সুদৃঢ় কৰিছে।
প্ৰায় ৩০০ গৰাকী ডিলাৰে অংশগ্ৰহণ কৰা দিনজোৰা অনুষ্ঠানটোত তাজ চিমেন্টে নিজৰ দীৰ্ঘস্থায়ী আৰু বিশ্বাসযোগ্য সামগ্ৰী যোগানৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰাৰ লগতে, গ্ৰাহক আৰু অংশীদাৰসকলক নিজ নিজ প্ৰকল্পত সততা আৰু উৎকৰ্ষক প্ৰাধান্য দিয়াৰ বাবে উৎসাহিত কৰে।
নৱপ্ৰফুল্লিত ব্ৰেণ্ডটোৰ বৈশিষ্টসমূহ উনুকিয়াই তাজ চিমেন্টৰ গ্ৰুপ চিএফঅ’ সঞ্জীৱ সুৰেখাই কয়, “সততা হৈছে বিশ্বাস আৰু দীঘলীয়া সম্পৰ্কৰ মূল আধাৰ। ‘দ্য অনেষ্ট চিমেন্ট’ অভিযানৰ জৰিয়তে আমি সকলোকে সকলো স্তৰত সততা আৰু স্বচ্ছতা ৰক্ষাৰ বাবে অনুপ্ৰাণিত কৰাত উৎসাহিত কৰিছোঁ। যিদৰে আমাৰ চিমেন্টে স্থাপনাৰ ভেঁটি শক্তিশালী কৰে, সেইদৰে আমাৰ সততাৰ প্ৰতিশ্ৰুতিয়ে আমাৰ গ্ৰাহকৰ সৈতে থকা সম্পৰ্ক আৰু সামাজিক বন্ধন শক্তিশালী কৰে।”
উল্লেখ্য যে, এই অনুষ্ঠানৰ সময়ত নতুন ৰূপত সজোৱা তাজ ঢালাই চিমেন্ট আৰু তাজ প্ৰিমিয়াম চিমেন্টৰ পেকেজিং উন্মোচন কৰা হয়। কোম্পানীয়ে এই নতুন পেকেজিঙৰ জৰিয়তে আধুনিকীকৰণৰ লগতে গ্ৰাহকৰ অভিজ্ঞতা অধিক উন্নত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে।
অন্যহাতে, বাৰ্ষিক ডিলাৰ্ছ সন্মিলনখন কোম্পানীৰ শীৰ্ষ কৰ্মকর্তা আৰু ডিলাৰসকলৰ মাজত মুকলি আলোচনাৰ এক বিশেষ মঞ্চ হিচাপে পৰিগণিত হয়। এই মঞ্চত বিভিন্ন সমস্যাৰ সমাধান বিচাৰি নতুন সুযোগৰ সম্ভাৱনা সন্ধান কৰা হয়। লগতে মাৰ্কেট ট্রেণ্ডছ আৰু বিকাশৰ কৌশলৰ ওপৰত বিশেষ সমাবেশো অনুষ্ঠিত হয়। অনুষ্ঠানৰ শেষত কোম্পানীৰ সফলতাত ডিলাৰসকলৰ উল্লেখযোগ্য অৱদানক স্বীকৃতি দি শ্ৰেষ্ঠ ডিলাৰসকলক বিশেষভাৱে সন্মানিত কৰা হয়।

- Advertisement -

Hot this week

ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগঃ পত্নী সোনম ৰঘুবংশীসহ ৩ অভিযুক্তক গ্ৰেপ্তাৰ

ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত পত্নী সোনম ৰঘুবংশীসহ ৩...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসম বিধানসভাই ডিব্ৰুগড় বিমান বন্দৰৰ নাম ভাৰতৰত্ন ড° ভূপেন...

সত্ৰসমূহ বেদখলমুক্ত কৰি সত্ৰীয়া সংস্কৃতিৰ শিপাক মজবুত কৰি ৰখাৰ প্ৰয়াস

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

Topics

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি অসম...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

Related Articles

Popular Categories

Assam
overcast clouds
29.3 ° C
29.3 °
29.3 °
80 %
0.3kmh
97 %
Mon
29 °
Tue
33 °
Wed
30 °
Thu
29 °
Fri
28 °