নিমাতী ঘাটৰ নাওঁ দুৰ্ঘটনাত নিখোজ হোৱা লখিমপুৰৰ ইন্দ্ৰেশ্বৰ বৰা মৃতদেহ বিশ্বনাথ ঘাটত উদ্ধাৰ

■ যোৱা ৮ ছেপ্টেম্বত মাজুলীৰ নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনাত সন্ধানহীন হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ শনিবাৰে পুৱা ব্ৰহ্মপুত্ৰ নদীৰ বিশ্বনাথ ঘাটত উদ্ধাৰ হয়৷

মৃতদেহতো বিশ্বনাথ জিলাৰ বন বিভাগৰ লোকে উদ্ধাৰ কৰে। বন বিভাগে নদীৰ আৰক্ষীক খবৰ দিয়াত নদী আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি বিহালী সমষ্টিৰ বিহালী প্ৰাথমিক চিকিৎসালয় মণোৰত্ত পৰীক্ষা কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

ইফালে বিহালী মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰত ইন্দ্ৰেশ্বৰ বৰা মৃতদেহ মণৰোত্ত পৰীক্ষা কৰি বিশ্বনাথ আৰক্ষীয়ে পৰিয়াল বৰ্গক চমজাই দিয়ে। মণোৰত্ত পৰীক্ষা সময়ত উপস্থিত থাকে লক্ষীমপুৰ পহুমৰাৰ মৃত ইন্দ্ৰেশ্বৰ বৰা পৰিয়াল। পৰিয়াল লোকে ইন্দ্ৰেশ্বৰ বৰা হয় বুলি চিনাক্ত কৰি মৃতদেহ চমজি লয়।

ইফালে সমগ্র ঘটনাতো জানিবলৈ পাই তাৎক্ষণিক ভাৱে উপস্থিত হয় স্থানীয় বিধায়ক ৰঞ্জিত দত্ত। ইন্দ্ৰেশ্বৰ বৰা মৃত্যুত বিধায়ক গৰাকীয়ে শোক প্ৰকাশ কৰিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.