নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ বিদ্যুৎ উৎপাদনত পূৰ্ণ সমৰ্থন

নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ বিদ্যুৎ উৎপাদনত পূৰ্ণ সমৰ্থন ।

তেজপুৰ, ৫ ডিচেম্বৰ : বৃহৎ নদী বান্ধৰ বাবে প্ৰতিবাদত পুনৰ জাঙুৰ খাই উঠিছে সমগ্ৰ ৰাজ্যত । আগুণটোক আগষ্ট মাহৰ ভিতৰতে আৰম্ভ হব নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ জলবিদ্যুৎ উৎপাদন । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তেজপুৰত সাংবাদিকৰ আগত কয় যে জলবিদ্যুৎ প্ৰকল্পৰ বিষয়ে তেওঁৰ স্থিতি পূৰ্বতে স্পষ্ট কৰি থৈছে । এই বিষয়ে তেওঁ নিজৰ লিখনিও প্ৰকাশ কৰিছে যে জলবিদ্যুৎ প্ৰকল্পৰ প্ৰয়োজনীয়তা কিমান আছে গতিকে পুনৰ এই বিষয়ে কোৱাৰ প্ৰয়োজন নাই বুলি জানিব দিয়ে ।আনহাতে শোণিতপুৰৰ জিলাৰ জিয়াভৰলী নদীৰ খনন কাৰ্য্য কৰিবলৈ ইতিমধ্যে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে ।

তেওঁ কয় যে অকল জিয়াভৰলী নদীয়েই নহয় ৰাজ্যৰ আৰু কেবাখনো ব্ৰহ্মপুত্ৰ উপনদীৰ খনন কাৰ্য্য সাধনৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব দিয়ে ।

উল্লেখযোগ্য যে ,তেজপুৰত দুদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোৱা  হৈছে মহিলা মৰ্চাৰ  ৰাজ্যিক কাৰ্য্যনিৰ্বাহকৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ভাষণ প্ৰসংগত কয় যে পৌৰসভাৰ হবলগীয়া নিৰ্বাচনত মহিলাৰ বাবে ৫০% চিট দিয়া হব । পাঁচবছৰ কাৰ্যকাল শেষ হোৱাৰ পিছত উক্ত মহিলাৰ আছোঁ সমূহ পুনৰ ১০ বছৰৰ বাবে সংৰক্ষিত কৰাৰ এক নতুন নিয়ম হব বুলি তেওঁ কয় ।  মহিলাক সৱলীকৰণৰে অসমৰ মহিলাৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাত তেওঁ গুৰুত্ব আৰোপ কৰে ।

চল্লিশখন সাংগঠিনক  জিলাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহন কৰা এই কাৰ্য্যনিৰ্বাহকৰ আজিৰ  অন্তিম দিনাৰ সভাত মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ লগতে মৰ্চাৰ ৰাষ্ট্ৰীয়  সম্পাদিকা সাংসদ ইন্দুবালা গোস্বামী,মন্ত্ৰী অজন্তা নেওগ আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতা ,কেইবাগৰাকী সাংসদ আৰু বিধায়কে অংশ গ্ৰহন  কৰে ।

 মহিলা সবলীকৰন,মহিলাৰ ওপৰত নিৰ্য্যাতন আদি বিষয় সমূহৰ ওপৰত কাৰ্য্যনিৰ্বাহকত গুৰুত্ব প্ৰদান কৰা বুলি জানিবলৈ দিয়ে। 

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.