নলবাৰী চহৰত বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ :

 

ফইজুল হক চৌধুৰীৰ অসম খবৰ ২০ অক্টোবৰ :

বাংলাদেশত দূৰ্গা পূজাৰ অপ্ৰত্যাশিত ঘটনা সংঘটিত হোৱাৰ পৰা আজি এই মুহুৰ্তলৈকে মুচলমানে সনাতনি হিন্দু মানুহ সকলৰ ওপৰত অত্যাচাৰ তথা নিৰ্যাতন চলাই আছে ।

বাংলাদেশত আজি এই মুহুৰ্তলৈকে মুচলমান জেহাদীয়ে সনাতনি হিন্দু মানুহ সকলৰ ওপৰত চলোৱা নিৰ্যাতন তথা হত্যালীলাৰ বিৰুদ্ধে আজি নলবাৰী চহৰস্থিত গৰ্ডন স্কুলৰ সন্মুখৰ পৰা উপায়ুক্তৰ কাৰ্যালয় লৈ বৃহত প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিশ্ব হিন্দু পৰিষদ বজৰংগ দল নলবাৰী সমিতিয়ে ।

এই প্ৰতিবাদী কাৰ্যসূচীত বিশ্ব হিন্দু পৰিষদ নলবাৰী বিভাগ সাংগঠনিক মন্ত্ৰী অনুপ দাস, বজৰংগ দল নলবাৰীৰ সংযোজক জিতুমনি কলিতা সহ প্ৰমুখ্যে বহু কেইজন বিষয়ববীয়া সহ কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.