31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    নলবাৰীত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতিয়ে গৰুখুটি সন্দৰ্ভত মন্তব্য :

     

    নলবাৰীত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতিয়ে গৰুখুটি সন্দৰ্ভত মন্তব্য :

    ভাৰতীয় জনতা পাৰ্টি,নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা নলবাৰী নাট্য মন্দিৰত ছয় শতাধিক জেষ্ঠ বিজেপি কৰ্মীৰ আশিক প্ৰদানৰে আশিস সন্মিলন অনুষ্ঠিত হয় শুক্ৰবাৰে।

    যি সকল বিজেপি কৰ্মীয়ে অতীজৰে পৰা দলৰ হৈ নিষ্ঠা-সততাৰে কাৰ্য সম্পাদন কৰি আহিছে,সেই সকল বিজেপি কৰ্মীক আশিস সন্মিলনৰ জৰিয়তে একোখন অসমীয়া গামোচা আৰু মানপত্ৰৰে সম্বোৰ্ধনা জ্ঞাপন কৰে আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ গ্ৰহন কৰে ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফনিন্দ্ৰ নাথ শৰ্মা,নলবাৰী সমষ্টিৰ বিধায়ক তথা মূখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাকে প্ৰমুখ্য কৰি বিজেপি নেতা-কৰ্মী সকলে।

    অনুষ্ঠানৰ আত ধৰে বিজেপি নেতা পুলক বৰ্মনে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি মৃগাংক তালুকদাৰে।সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা,ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলিপ কুমাৰ শইকীয়া,বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক নাৰায়ন ডেকা।

    ভাষন প্ৰসংগত নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰে যে বিজেপিয়ে সদাই আদৰ্শ আৰু নিষ্ঠাৰ হকে কাম কৰি আহিছে।লগতে গৰুখুটি সন্দৰ্ভত উল্লেখ কৰি কয় যে খিলঞ্জিয়াৰ স্বাৰ্থৰ হ’কে চৰকাৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছে বা কৰি যাব বুলি প্ৰকাশ কৰে সভাপতি ভৱেশ কলিতাই।

     

    নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.