নলবাৰীত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঞাৰ প্ৰচাৰ অভিযান

● ফইজুল হক চৌধুৰী, নলবাৰীঃ
■ ৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভুঞাই নলবাৰী জিলাৰ বিভিন্ন গাঁৱে-ভূঞে,পদুলিয়ে-পদুলিয়ে, ঘৰে-ঘৰে, নিৰ্বাচনী প্ৰচাৰ চলাই।

জাতি, ধৰ্ম নিৰপেক্ষভাৱে আগন্তুক দিনত ৰাইজৰ লগত থাকি সেৱা আগবঢ়ায় যাম বুলি তেওঁ মন্তব্য কৰে। নলবাৰীক এখন উদ্যোগ নগৰী হিচাপে গঢ় দি শিক্ষিতযুৱক-যুৱতীসকলক সংস্থাপনৰ ব্যৱস্থা কৰিব বুলি তেওঁ প্ৰকাশ কৰে।

বিজেপিৰ মিছা প্ৰতিশ্ৰুতি আৰু মিছা প্ৰলোভনত ভোল নাযাবলৈ ভোটাৰ ৰাইজক আহ্বান নেতা গৰাকীৰ। প্ৰদ্যুৎ কুমাৰ ভূঞাৰ আদৰ্শ আৰু কংগ্ৰেছ দলৰ প্ৰতি আকৰ্ষিত হৈ বিজেপিৰ লগতে বহুতো দল-সংগঠনৰ ব্যক্তিয়েই জাতীয় কংগ্ৰেছ দলত যোগদান কৰে।

দিনে-নিশাই কংগ্ৰেছ দলৰ কৰ্ম-কৰ্তা সকলক লগত লৈ প্ৰদ্যুৎ কুমাৰ ভূঞাই ৰাইজৰ ৰাইজৰ মাজত সোমাই পৰিবলৈ চেষ্টা কৰিছে। নলবাৰী জিলাৰ বহুতো অঞ্চলৰ ৰাইজে প্ৰদ্যুৎ কুমাৰ ভূঞাৰ প্ৰতি সহাঁৰি আগবঢ়োৱা পৰিলক্ষিত হৈছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.