Friday, June 20, 2025
25.8 C
Guwahati
TOP NEWS:

দিহানাম সংৰক্ষণ মঞ্চ, অসমঃ কামৰূপ জিলা সমিতিৰ আতিথ্যত প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশনৰ প্ৰস্তুতি তুংগত

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

উত্তৰ গুৱাহাটীঃ অসমৰ সংস্কৃতিৰ ধ্বজ্বাবাহক হিচাপে অতি সময়ৰ ভিতৰতে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে ‘দিহানাম সংৰক্ষণ মঞ্চ, অসমে’। অসমৰ জনপ্ৰিয় ভক্তি ৰসাত্মক লোককলা দিহানামৰ সু-সংহত আৰু সুপৰিমাৰ্জিত নিয়মাৱলী প্ৰণয়নৰ লক্ষ্যেৰে সংগঠিত ‘দিহানাম সংৰক্ষণ মঞ্চ, অসম’ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু প্ৰথম বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি চলাই থকা হৈছে। কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক ৰাজেন বৰুৱা, কামৰূপ জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰী কাকতি, সম্পাদিকা স্বপ্নালী গগৈ মহন্তই জানিবলৈ দিয়া মতে মতে ৬ আৰু ৭ জানুৱাৰী ২০২৫ তাৰিখ সোমবাৰ আৰু মঙ্গলবাৰে দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে কামৰূপ জিলা সমিতিৰ আতিথ্যত শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ, ৰঙিয়া শাখাৰ নামঘৰ প্ৰাঙ্গণত অনুষ্ঠিত হ’ব। অধিবেশনখনিৰ সফলতা আৰু সৰ্বাঙ্গ সুন্দৰ কৰি তুলিবলৈ ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাক সভাপতি, হীৰেণ কুমাৰ দাস,কাৰ্যকৰী সভাপতি, পৰেশ দাসক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী আদৰণী সমিতি গঠন কৰা হৈছে। অধিৱেশনৰ কাৰ্যসূচী অনুসৰি ৬ জানুৱাৰী সোমবাৰে পুৱা ৮ বজাত পৰিবেশ নিকাকৰণ, ৯ বজাত গছপুলি ৰোপণ, ১০ বজাত নামাচাৰ্য নন্দেশ্বৰ নাথ, দৰং নাম প্ৰসঙ্গ। বিয়লি ৩ বজাত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা, সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন, ৫:৩০ বজাত প্ৰতিনিধি সভা। আদৰণি ভাষণ পাঠ কৰিব বিধায়ক ভৱেশ কলিতাই। সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠানত বৰগীত, সত্ৰীয়া নৃত্য, ভোৰ তাল নৃত্য,দিহানাম আৰু লোক সংস্কৃতি পৰিবেশন কৰা হ’ব। ৭ জানুৱাৰীৰ কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত নাম-প্ৰসঙ্গ, ৯ বজাত পতাকা উত্তোলন, উত্তোলক ডাঃ প্ৰসান্ত কুমাৰ খাউণ্ড, সভাপতি, দিহানাম সংৰক্ষণ মঞ্চ, অসম। দিনৰ ১১ বজাত মুকলি সভা, ১২:৩০ বজাত মুখপাত্ৰ উন্মোচন। দুদিনীয়া কৈ আয়োজিত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিয়ে অংশ লোৱা অধিবেশন প্ৰস্তুতি বৰ্তমান তুংগত বুলি কৰ্মকৰ্তাসকলে জানিবলৈ দিছে।

- Advertisement -

Hot this week

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °