শেহতীয়া আপডেটঃ

দিনত কা’ ৰাতি বিজেপি:কোনে কিয় কৈছে এই মন্তব্য বিশ্বনাথত :জাতীয়তাবাদী নেতাই পৰিধান কৰিলে গেৰুৱা বসন :

দিনত কা’ ৰাতি বিজেপি :কোনে কিয় কৈছে এই মন্তব্য বিশ্বনাথত ::জাতীয়তাবাদী নেতাই পৰিধান কৰিলে গেৰুৱা বসন :
ডিজিটেল ডেস্ক
৫ছেপ্টেম্বৰ
-বিজেপিৰ বিশ্বনাথ নগৰ মণ্ডল আৰু বিশ্বনাথ গ্ৰাম্য মণ্ডলৰ উদ্যোগত বিশ্বনাথ নগৰৰ ধৰ্মশালাত অনুষ্ঠিত কৰা হয় এক যোগদান কাৰ্যসূচী।এই যোগদান কাৰ্যসূচীত অংশ গ্ৰহণ কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাস,বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,বিহালী বিধান সভা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্ত,বিজেপি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা পৰেশ বৰকাকতি,বিজেপিৰ বিশ্বনাথ জিলাৰ উপ সভাপতি ডাঃ ৰঞ্জন গগৈ,প্ৰাক্তন পৌৰপতি ৰুলি শৰ্মা, ৰাজ্যিক কিষান মর্চাৰ সদস্য ভাস্কৰ হাজৰিকা, কৃষ্ণ তালুকদাৰ,অসীম দাস,প্ৰাণোদিপ্ত ৰাজখোৱা, দিগন্ত বৰা, মোহন মহন্তকে ধৰি আন বহুতো বিজেপিৰ বিষয় ববীয়া সকল।বিশ্বনাথ নগৰ মণ্ডলৰ সভাপতি কোসেশ্বৰ বৰা ৰ সভাপতিত্বত  অনুষ্ঠিত হোৱা এই যোগদান কাৰ্তসূচীত বিশ্বনাথ জিলাৰ কেইবাগৰাকী প্ৰাক্তন ছাত্ৰ নেতাই আনুষ্ঠানিক ভাবে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ চাৰিআলি সদৰ আঞ্চলিকৰ প্ৰাক্তন সভাপতি ঈসান প্ৰতিম শইকীয়া,বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰবীণ মটক,ৰাজ্যিক নিবনুৱা সন্থাৰ প্ৰাক্তন উপ সভাপতি ধীৰেণ ডেকা,সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা বিশ্বনাথ জিলা সমিতিৰ উপদেষ্টা ভাস্কৰ দাসে লগত প্ৰায় এশ পাঁচ গৰাকী বিভিন্ন ছাত্ৰ সংগঠনৰ নেতা কৰ্মীলৈ আজি আনুষ্ঠানিক ভাবে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ।
যোগদান কৰিয়েই জাতীয়তাবাদী নেতা প্ৰতিম শইকীয়াই কয় একাংশ দিনত কা’ বুলি প্ৰতিবাদ কৰে ৰাতি হ’লে বিশ্বনাথত বাবা দা মানে বিজেপি বিধায়ক প্ৰমোদ বৰঠাকুৰ বুলি কয়। গতিকে যি সকলে দিনত কা বুলি কৈ আছে।তেওঁলোকক বিজেপিলৈ নিমন্ত্ৰণ জনালে শইকীয়াই।
ইফালে একাংশই  কা বুলি নিজৰ ব্যক্তিগত স্বাৰ্থ পুৰন কৰিলে গতিকে বাংলাদেশী কোনো এজন নাহিল বুলি কয়।
আনহাতে আজি বিজেপিত আনুষ্ঠানিক ভাবে যোগদান কৰা প্ৰাক্তন ছাত্ৰ কেইগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে।আনহাতে আজি যোগদান কৰা প্ৰাক্তন ছাত্ৰ নেতা কেইগৰাকীৰ বিজিপিত যোগদান কৰাত সমাগত পৌৰসভাৰ নিৰ্বাচনত বিজেপিৰ শক্তি বিশ্বনাথ নগৰত দুগুণে বৃদ্ধি হ’ব বুলি নগৰ মণ্ডলৰ সভাপতি কোসেশ্বৰ বৰাই নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে।সভাত ভাষণ দি প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তই কয় যে আজি যোগদান কৰা সকলৰ বহুতেই জাতীয় সংগঠনৰ পৰা অহা বুলি উল্লেখ কৰে। তেওঁ কয় যে সেই সময়ত তেওঁ লোকে কা আন্দোলনত যোগদান কৰিছিল ।কিন্তু আজি তেওঁলোকে নিজৰ ভুল উপলব্ধ কৰি বিজেপি লৈ আহিছে।তেওঁলোকে আন দললৈ নগৈ বি জেপি লৈ অহাটো শুভ লক্ষণ বুলি মন্ত্যব কৰে।সভাত তেজপুৰ লোক সভা সমষ্টিৰ সংসদ পল্লব লোচন দাস, বিশ্বনাথৰ বিধায়ক প্ৰমোদ  বৰঠাকুৰে ভাষণ দিয়ে।
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.