দলুৱাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলা অধিবেশনৰ লাইখুটা স্থাপন
ভাৰতীয় মহাজাতীয়তাৰ কাণ্ডাৰী, অসম আৰু অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৰম পবিত্র নামেৰে নামাংকিত ভাৰতবৰ্ষৰ সু-বৃহৎ ধৰ্ম-ক’লা-সাহিত্য-সংস্কৃতিৰ মানৱতাবাদী মহান জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলা শাখাৰ ৪৪ সংখ্যক বাৰ্ষিক অধিবেশন খন অহা বৰ্ষৰ ২৯ আৰু ৩০ জানুৱাৰীত” ঘগ্ৰাপাৰৰ– দলুৱাস্হিত বিষ্ণু-জ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰুণ চন্দ্ৰ তালুকদাৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনখনিৰ আজি দলুৱা বিষ্ণু জ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত প্ৰাংগণত প্ৰায় শতাধিক বৈষ্ণৱ ভকতৰ উপস্থিতিৰ লগতে গায়ন-বায়ন, ঢুলীয়া -খুলিয়া,নামতি-আয়তী আদিৰ উৰুলি ধ্বনিৰে পবিত্ৰ লাইখুটা স্থাপন কৰা হয়।
ইয়াৰ পুৰ্বে প্ৰাতঃপ্ৰসঙ্গ পৰিচালনা কৰে দলুৱা প্ৰাথমিক শাখাৰ সভাপতি দুৰ্গা মোমন ডেকাই। আদৰণি সমিতিৰ সভাপতি ডম্বৰুধৰ বড়োৱে আদৰণি সমিতিৰ কাৰ্যালয় মুকলি কৰে। দিনৰ ১১.৩০ বজাত অনুষ্ঠিত জাগৰণ সভাত সভাপতিত্ব কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলা শাখাৰ বৈকুণ্ঠ কলিতাই। সভাখন আনুষ্ঠানিক ভাবে উদ্বোধন কৰে জিলা শাখাৰ সম্পাদক কৰ্ণধৰ বৰ্মনে।
নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ প্ৰতিবেদন
Leave a Reply