শেহতীয়া আপডেটঃ

জুৰোডত বিল্ডাৰৰ অত্যাচাৰত ৰাজপথত অনসন ভুক্তভোগী পৰিয়ালৰ

গুৱাহাটীঃ গুৱাহাটী মহানগৰীত একাংশ বিল্ডাৰৰ ময়মতালীত গৃহহীন হোৱাৰ উপক্ৰম হৈছে একাংশ পৰিয়াল। বহিঃৰাগত বিল্ডাৰে বলপূর্বকভাৱে ভূমি দখল কৰি পৌৰ নিগমৰ নীতি-নিয়ম উলংঘা কৰি বৃহৎ অট্টালিকা নিৰ্মাণ কৰাৰ পিছতে আৰক্ষী প্রশাসনে এইসকল বিল্ডাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই। একাংশ ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত বহিৰাগত বিল্ডাৰে ভূমি দখলৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ লগতে ভূমিৰ গৰাকীক দাবী-ধমকি দি আহিছে।

এনে এক ঘটনা সংঘটিত হৈছে মহানগৰীৰ জুৰোডত। জুৰোডৰ বাসিন্দা তথা সমাজকৰ্মী ৰাজকুমাৰ বৈশ্যৰ ৪ লেচা ভূমি বিল্ডাৰ পৱন আগৰৱালাই বেদখল কৰি অবৈধ নির্মাণ কাৰ্য চলোৱা গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আজি গুৱাহাটীৰ প্ৰেছ ক্লাবত এক সংবাদমেলত ভুক্তভোগী পৰিয়ালটোৱে অভিযোগ কৰা অনুসৰি বির্তকিত বিল্ডাৰজনে ৰাজকুমাৰ বৈশ্যৰ ভূমিত ১২৭০ ফুট বর্গ এলেকা অবৈধভাবে নিৰ্মাণ কৰিছে। তদুপৰি তেওঁ ৰাজকুমাৰ বৈশ্যৰ নামত থকা এটা পার্কিং উক্ত অট্টালিকাত বাস কৰা এটা পৰিয়ালক গোপনে বিক্ৰী কৰিছে। সংবাদ মেলত ৰাজকুমাৰ বৈশ্যই কৰা অভিযোগ অনুসৰি চুক্তি মতে বিল্ডাৰগৰাকীয়ে আদায় দিবলগীয়া ২৫ লাখ টকা আজি পর্যন্ত আদায় দিয়া নাই। আনহাতে ভূমিৰগৰাকী বৈশ্যক উক্ত অট্টালিকাৰ পৰা বেদখল কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ উপৰি বিভিন্ন সময়ত গুণ্ডাবাহিনী লগাই তেওঁক বিল্ডাৰজনে অত্যাচাৰ চলোৱাৰ বুলি তেওঁ কয়। ইতিমধ্যে বিল্ডাৰজনৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালটোৱে দিছপুৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে গোচৰ ৰুজু কৰা নাই বুলি তেওঁ জানিবলৈ দিছে। সেয়েহে মুখ্যমন্ত্রী ড০ শৰ্মাৰ হস্তক্ষেপ বিচাৰি পৰিয়ালটোৱে অৱশেষত ৰাজপথত আমৰণ অনসনৰ সিদ্ধান্ত গ্রহণ কৰিছে। আজিৰ সংবাদমেলত ভুক্তভোগী ৰাজকুমাৰ বৈশ্যৰ মাতৃ কিৰণ বৈশ্য, ভগ্নী ববীতা বৈশ্য লহকৰ তথা সমাজকর্মী হীৰা আৰনধৰাৰ লগতে কেবাগৰাকী ব্যক্তি উপস্থিত থাকে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.