Friday, May 16, 2025
27.3 C
Guwahati

ছিজনৰ প্ৰথম জয় ইষ্ট বেংগলৰ, প্ৰথমবাৰৰ বাবে গল কৰাত বিফল নৰ্থ ইষ্ট ইউনাইটেড

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

ইষ্ট বেংগল এফ চিঃ ১ [ডিমিট্ৰিয়াছ ২৩ মিনিট]
নৰ্থ ইষ্ট ইউনাইটেডঃ ০

ক্ৰমাগত চাৰিখন মেচত অপৰাজেয় যাত্ৰা অব্যাহত ৰখা নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰ আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত খেলা মেচত ঘৰুৱা দল ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে একামাত্ৰ গল পৰাস্ত হয়৷ উল্লেখ্য যে এয়া ইষ্ট বেংগলৰ ছিজনৰ প্ৰথমটো জয়৷

নৰ্থ ইষ্ট ইউনাইটেডৰ ৰণনীতিক প্ৰত্যাহ্বান জনোৱাৰ লক্ষ্যৰে ইষ্ট বেংগল দলে খেলৰ আৰম্ভনিতে আক্ৰমণ কৰিবলৈ লয়৷ প্ৰথম দহ মিনিটৰ ভিতৰত দলে দুবাৰকৈ গল কৰাৰ সুযোগ পাইছিল যদিও গলৰক্ষক গুৰমীট সিঙে নৰ্থ ইষ্ট ইউনাইটেডক ৰক্ষা কৰে৷ কিন্তু ডিমিট্ৰিয়াছৰ নিভুল শ্বটৰ সন্মুখত ৰক্ষা নপৰিল নৰ্থ ইষ্ট ইউনাইটেড৷ খেলৰ ২৩ মিনিটত মেচত গ্ৰীকৰ অভিজ্ঞ ষ্ট্ৰাইকাৰজনৰ গলেৰে মেচত অগ্ৰগতি লয় ইষ্ট বেংগলে৷

অৱশ্যে ইয়াৰপূৰ্বে গল কৰাৰ সুযোগ পাইছিল নৰ্থ ইষ্ট ইউনাইটেডেও৷ বাৰ মিনিটত গলৰক্ষকবিহিন ইষ্ট বেংগলৰ পষ্টৰ সন্মুখত বল লাভ কৰাৰ পাছতো দলক প্ৰথমে অগ্ৰগতি দিবলৈ সক্ষম নহ’ল অসম সন্তান পাৰ্থিৱ গগৈয়ে৷ আনহাতে, নৰ্থ ইষ্ট ইউনাইটেডৰ মৰক্কোৰ তাৰকা আজাৰায়ে মৰা দৰ্শনীয় হেড ঘৰুৱা দলটোৰ পষ্টত লগাত প্ৰথমাৰ্ধত গুৱাহাটীৰ দলটোৱে সমতা স্থাপন কৰিব নোৱাৰিলে৷

দ্বিতীয়াৰ্ধত পৰ্থিৱৰ স্থানত প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালিয়ে গুইলেৰ্মো ফাৰ্ণাণ্ডেজক সুযোগ দিয়ে৷ কিন্তু আক্ৰমণ তীব্ৰ কৰিলেও গল কৰাত বিফল হয় পৰিবৰ্তীত খেলুৱৈগৰাকীৰ লগতে মিঠু আৰু আজাৰায়ে৷ খেলৰ ৭২ মিনিটত নৰ্থ ইষ্ট ইউনাইটেডৰ মহম্মদ আলীক দ্বিতীয় হালধীয়া কাৰ্ড দেখুৱাই ৰেফাৰীয়ে খেলপথাৰ ত্যাগৰ নিৰ্দেশ দিয়ে৷

ইয়াৰ পাছতে গুৱাহাটীৰ দলটোৰ শক্তি হ্ৰাস পায়৷ ইফালে, ৮৭ মিনিটত ইষ্ট বেংগলৰ চুংনুংগায়ো দুখন হালধীয়া কাৰ্ড পোৱাৰ বাবে উভয় দলে দহজনৰে খেলিব লগা হয়৷ উল্লেখ্য যে নৰ্থ ইষ্ট ইউনাইটেডে দহখন মেচৰ চাৰিখনত জয় তথা তিনিখনকৈ মেচত ড্ৰ আৰু পৰাস্ত হৈ ১৫ পইণ্ট লাভৰে তালিকাৰ তৃতীয় স্থানত থাকিল৷

চলিত ছিজনত প্ৰথমবাৰৰ বাবে গল কৰাত বিফল হ’ল নৰ্থ ইষ্ট ইউনাইটেড৷ দলে অবিশ্বাস্য সাফল্যৰ দৌৰ বিৰামহীন ৰূপত অব্যাহত ৰাখি লীগত এতিয়ালৈকে হোৱা খেলত সৰ্বাধিক গ’ল কৰিছিল৷

নৰ্থ ইষ্ট ইউনাইটেডে পৰৱৰ্তী মেচখন ঘৰত খেলিব৷ অহা আঠ ডিচেম্বৰত সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ’বলগা মেচত দলৰ প্ৰতিদ্বন্দ্বী মোহন বাগান ছুপাৰ জায়েণ্ট৷ উল্লেখ্য যে ইয়াৰপূৰ্বে কলকাতাত খেলা প্ৰথম লেগৰ মেচত মোহন বাগানৰ বিৰুদ্ধে পৰাস্ত হৈছিল নৰ্থ ইষ্ট ইউনাইটেড৷

আনহাতে, ইষ্ট বেংগল এফ চিয়ে অহা ৭ডিচেম্বৰত চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত চেন্নাইয়ান এফ চিৰ বিৰুদ্ধে পৰৱৰ্তী মেচত অংশ ল’ব৷ সাতখন মেচ খেলাৰ পাছত জয়ৰ সোৱাদ পোৱা দলে আত্মবিশ্বাস ঘুৰাই আনিব পাৰিব৷

- Advertisement -

Hot this week

Radisson Blu Guwahati presents Nawabi Feast and Mother’s Day delights

 Guwahati; May 9, 2025: Radisson Blu Guwahati is all...

Expanding Peacefull Political Climate Gears up for this Election

Find people with high expectations and a low tolerance...

Boxtrade Lands $50 Million in Another New Funding Round with IBM

Find people with high expectations and a low tolerance...

Apple Computers Climb the List of the Top Gadgets in Forbes Magazine

Find people with high expectations and a low tolerance...

Topics

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Related Articles

Popular Categories

Assam
broken clouds
24.2 ° C
24.2 °
24.2 °
89 %
2.6kmh
69 %
Fri
24 °
Sat
35 °
Sun
28 °
Mon
34 °
Tue
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds