চৰকাৰী ভূমিৰ অবৈধ বেদখল মুক্ত কৰাৰ দাবীত উপায়ুক্তক স্মাৰক পত্ৰ বিশ্বনাথ খিলঞ্জীয়া সুৰক্ষা ঐক্য মঞ্চৰ
বিশ্বনাথ চাৰিআলি ৩ জানুৱাৰী :
বিশ্বনাথ ৰাজহ চক্ৰত ৩৭ হাজাৰ বিঘাতকৈও অধিক ভূমি অবৈধ বেদখলকাৰী কবলত থকা তথ্য লাভ কৰা হৈছে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে। এই সম্পৰ্কত সোমবাৰে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিল বিশ্বনাথ খিলঞ্জীয়া সুৰক্ষা ঐক্য মঞ্চ নামৰ সংগঠনটোৱে ৷
উল্লেখ্য একোটা পৰিয়ালে ৫০ ৰ পৰা ১২০ বিঘা লৈকে ভূমি বেদখল কৰি ৰখা তথ্য প্ৰকাশ পাইছে।
বিশ্বনাথ মৌজাৰ ১ নং চালিয়া ৰাজহ গাঁও, ৩ নং চালিয়া ৰাজহ গাঁও, ৪ নং চালিয়া ৰাজহ গাঁও, ১ নং কুমলীয়া ৰাজহ গাঁও, বাঘমৰা মৌজাৰ ২নং বৰজাৰণী ৰাজহ গাঁও, বিৰিজান ৰাজহ গাঁও আৰু সাঁকোমঠা মৌজাৰ ২ নং দিৰিং পথাৰ ৰাজহ গাঁও আদি কৰি আন কেইবাটাও অঞ্চল সম্প্রতি অতিকৈ স্পর্শকাতৰ হৈ পৰিছে বুলি সংগঠনটোৱে দাবী কৰিছে। উক্ত অঞ্চলত খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ প্ৰতি চৰম ভাবুকি নামি আহিছে বুলি উল্লেখ কৰিছে বিশ্বনাথৰ খিলঞ্জীয়া সুৰক্ষা ঐক্য মঞ্চই ।
ইফালে এই সন্দৰ্ভত খিলঞ্জীয়া সুৰক্ষা ঐক্য মঞ্চই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এখনি স্মাৰক পত্ৰ প্ৰদান কৰাৰ সময়ত শীঘ্ৰেই ভুমি সমূহ বেদখল মুক্ত কৰা হ’ব বুলি প্ৰতিনিধি দলটোক আশ্ৰাস প্ৰদান কৰি মূখ্যমন্ত্ৰীয়ে ।
তথ্য সহকাৰে জিলা উপায়ুক্তৰ লগত বিশ্বনাথ খিলঞ্জীয়া সুৰক্ষা ঐক্য মঞ্চৰ দলটোক যোগাযোগ কৰিবলৈ নিৰ্দেশ দিয়ে৷
ইফালে মুখ্যমন্ত্ৰী কথা মতে বিশ্বনাথ খিলঞ্জীয়া সুৰক্ষা ঐক্য মঞ্চই সোমবাৰে বিশ্বনাথ জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে । স্মাৰক পত্ৰ
সময়ত বিশ্বনাথ খিলঞ্জীয়া সুৰক্ষা ঐক্য মঞ্চৰ সভাপতি নৃপেন শইকীয়া,উপ সভাপতি পৰাগ ৰাজখোৱা, সম্পাদক অপূৰ্ব শইকীয়া, সাংগঠনিক সম্পাদক নয়ন কিশোৰ বৰঠাকুৰ, কোষাধ্যক্ষ জ্যোতি প্ৰসাদ শইকীয়াকে আদি কৰি কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে
৷ ইফালে শীঘ্ৰে উপায়ুক্তই অবৈধ বেদখলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি প্ৰকাশ কৰে বুলি জানিব লৈ দিয়ে খিলঞ্জীয়া সুৰক্ষা ঐক্য মঞ্চ বিশ্বনাথ জিলা সভাপতি নৃপেন শইকীয়াই ।
Leave a Reply