গোৱালপাৰা জিলাৰ দামৰাত মুছলিম সমাজে বিতৰণ কৰিলে অত্যাৱশ্যকীয় সামগ্ৰীৰ টোপোলা

♦ক’ৰনা মহামাৰীৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা আংশিক ল’কডাউনে দিশহাৰা কৰি তুুলিছে সৰ্বসাধাৰণ জনতাক। বিশেষকৈ দৈনিক শ্ৰমজীৱী লোক সকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। গোৱালপাৰা জিলাখনো ইয়াৰ ব্যতিক্ৰম নহয়। বৰঞ্চ সমগ্ৰ জিলাখনকে কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰাৰ পিছত জিলাখনৰ দীন দুখীয়া সকলৰ জীৱন দুৰ্বিসহ হৈ উঠিছে। এনে বিপৰ্যয়ৰ সময়তে জিলাখনৰ বিভিন্ন জনদৰদী দল সংগঠনে দুখীয়া ৰাইজলৈ আগবঢ়াইছে সহায়ৰ হাত। আজিও তেনে এক দৃশ্য দেখা গ’ল জিলাখনৰ দুধনৈ সমষ্টিৰ অন্তৰ্গত দামৰা অঞ্চলত।

আজি দামৰাৰ মুছলিম সমাজে ঈদ উপলক্ষে অঞ্চলটোৰ  বিভিন্ন ধৰ্মালম্বী দীন-দুখীয়া পৰিয়ালৰ মাজত বিতৰণ কৰে খাদ্য বস্তুৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ একোটাকৈ টোপোলা। দামৰা মুছলিম সমাজৰ এক সূত্ৰই  জনোৱা অনুসৰি, তেওঁলোকে মুঠ তিনিশ পৰিয়ালক সাহায্য প্ৰদানৰ লক্ষ্য  হিচাপে লৈ আজি প্ৰথম পৰ্যায়ত ৮০ঘৰ মান লোকক সামগ্ৰীৰ টোপোলা প্ৰদান কৰে। আজিৰ এই  সাহায্য প্ৰদান অনুষ্ঠানত গোৱালপাৰা জিলা আমছুৰ সভাপতি আনিমূল হক চৌধুৰীও উপস্থিত থাকে। আমছুৰ সভাপতি গৰাকীয়ে লকডাউন কালত কনটেইনমেন্ট জ’নত থকা গোৱালপাৰা জিলাবাসীক পৰ্যাপ্ত সাহায্য প্ৰদান কৰিবলৈ অসম চৰকাৰক দাবী জনায়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.