Friday, May 16, 2025
25.1 C
Guwahati

গোৱালপাৰাৰ চাৰি সমষ্টিত ইভিএমত বন্দী হ’ল ৪৩  প্ৰাৰ্থীৰ ভাগ্য

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

◆ জিলা খনত ভোটদানৰ হাৰ ৮৬.৮৬ শতাংশ

◆ উপায়ুক্ত বৰ্ণালী ডেকাৰ তৎপৰতাক জিলাবাসীৰ প্ৰশংসা
● কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ
আজি তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনত গোৱালপাৰা জিলাৰ চাৰিওটা বিধান সভা সমষ্টিতে ভোটগ্ৰহণ একপ্ৰকাৰ শান্তিপূৰ্ণ আছিল ৷ গোৱালপাৰা পশ্চিম সমষ্টিৰ  লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মধ্যম খণ্ড ভোট গ্ৰহণ কেন্দ্ৰত এটা ই ভি এম বিচ্যুতি ঘটাৰ দৰে দুই এটা সৰু সুৰা ঘটনাৰ বাহিৰে আজিৰ  ভোট দান প্ৰক্ৰিয়া যথেষ্ট স্বাভাৱিক আছিল ৷

বহু কেন্দ্ৰত পুৱা ৭ বজাৰ পূৰ্বৰ পৰাই দেখা যায় দীঘলীয়া শাৰী ৷ আজি পুৱা ৭ বজাৰ ভোটদান আৰম্ভ হোৱা গোৱালপাৰা জিলাত সন্ধিয়া ৬ বজালৈ ভোটদানৰ শতকৰা হাৰ আছিল দুধনৈ সমষ্টিত ৮০.১২%
গোৱালপাৰা পূৱত ৮৪.৫৬%, গোৱালপাৰা পশ্চিমত ৮৮.৭৬% আৰু জলেশ্বৰ সমষ্টিত ৮৯.০% ৷

জিলাখনত সামগ্ৰিক ভোটদানৰ পৰিমাণ ৮৬.৮৬ % ৷ এই বাতৰি লিখা পৰলৈ বহু কেন্দ্ৰত ভোটদান চলি থকাৰ পৰিপ্ৰেক্ষিতত ভোটদানৰ হাৰ আৰু কিছু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা গোৱালপাৰা জিলাৰ চাৰিটা সমষ্টিত মুঠ ৪৩ গৰাকী প্ৰাৰ্থীয়ে ভোট যুদ্ধত অৱতীৰ্ণ হৈছে ৷ ইয়াৰে দুধনৈ সমষ্টিত ৮ গৰাকী, গোৱালপাৰা পূৱত ১৩ গৰাকী, গোৱালপাৰা পশ্চিমত ১৪ গৰাকী আৰু জলেশ্বৰ সমষ্টিত ৮ গৰাকী প্ৰাৰ্থী ৷

প্ৰণিধানযোগ্য যে গোৱালপাৰা জিলাত মুঠ ভোটাৰৰ সংখ্য ৭,৬৪,৭১১ গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰ ৩,৮৩,৭১৫ গৰাকী, মহিলা ভোটাৰ ৩,৮০,৯৮২ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ মুঠ ১৪ গৰাকী ৷ সমষ্টি অনুসৰি ৩৬ নং দুধনৈ বিধান সভা সমষ্টিত পুৰুষ ১,০১,৭৬৫ , মহিলা ১,০৫,২৭০ আৰু তৃতীয় লিংগৰ ভোটাৰ ৩ গৰাকী, ৩৭ নং গোৱালপাৰা পূৱত পুৰুষ ১,১১,৮৯১,মহিলা ১,১০,৯৯৫ আৰু তৃতীয় লিংগৰ ভোটাৰ ৯ গৰাকী, ৩৮ নং গোৱালপাৰা পশ্চিমত পুৰুষ ৮৮,৭০৯ , মহিলা ৮৬,১৩১ আৰু তৃতীয় লিংগৰ ১ গৰাকী আৰু ৩৯ নং জলেশ্বৰ সমষ্টিত পুৰুষ ৮১,৩৫০ , মহিলা ৭৮,৫৮৬ তথা তৃতীয় লিংগৰ ভোটাৰ ১ গৰাকী ৷ আজিৰ ভোট গ্ৰহণৰ বাবে জিলা খনত স্থাপন কৰা ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা মুঠ ১,০৯৫ টা ৷

ইয়াৰে ১৪৯ টা উপ ভোট গ্ৰহণ কেন্দ্ৰ ৷ সমষ্টি অনুসৰি দুধনৈত ২৯২ টা , গোৱালপাৰা পূৱত ৩১২ টা, গোৱালপাৰা পশ্চিমত ২৫৮ টা আৰু জলেশ্বৰত ২৩৩ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে ভোটাৰ সকলে ৷ জিলাখনত এইবেলি প্ৰতিটো সমষ্টিত এটাকৈ মুঠ চাৰিটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হয় ৷

উল্লেখ্য যে  জিলাখনত এইবেলি ভোটদানৰ হাৰ পূৰ্বৰ তুলনাত বৃদ্ধি কৰাৰ লক্ষ্যৰে জিলা উপায়ুক্ত বৰ্ণালী ডেকাই ৰাইজৰ মাজত ভোটদানৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে যৎপৰোনাস্তি প্ৰচেষ্টা চলায় ৷ জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বৰ্ণালী ডেকাৰ ঐকান্তিক প্ৰচেষ্টাক জিলাবাসীয়ে ভূয়সী প্ৰশংসা কৰিছে ৷

- Advertisement -

Hot this week

The 25 Best Cities You Can Find in Italy to Satisfy the Love for History

Find people with high expectations and a low tolerance...

Topics

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Related Articles

Popular Categories

Assam
broken clouds
24.2 ° C
24.2 °
24.2 °
89 %
2.6kmh
69 %
Fri
24 °
Sat
35 °
Sun
28 °
Mon
34 °
Tue
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds