
গহপুৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ
চিনাক্তকৰণ বাবে ৭২ ঘন্টা মৰ্গত
বিশ্বনাথ ৮ মাৰ্চঃ
বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ হাৱাজান আৰক্ষী চকীৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেকোৰাবাৰী চেন্টাৰত অচিনাক্ত পুৰুষৰ এটা মৃতদেহ উদ্ধাৰ হৈছে। আনুমানিক ৩৫ বছৰ বয়সৰ মৃতদেহটো ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মৰ্গত ৭২ ঘন্টাৰ বাবে ৰখা হৈছে। উল্লেখ্য যে, যোৱা ৬ মাৰ্চত উদ্ধাৰ হোৱা এই অচিনাকী ব্যক্তিগৰাকীৰ মৃতদেহ চিনাক্ত নোহোৱাৰ বাবেই হাৱাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ হাজৰিকাৰ তথ্যৰ ভিত্তিত গহপুৰ মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশৰ এক নিৰ্দেশযোগে অজ্ঞাত ব্যক্তি গৰাকীৰ চিনাক্তকৰণ বাবেই মৃতদেহটো এনেদৰে মৰ্গত ৰখা হৈছে বুলি জানিব পৰা গৈছে।
Leave a Reply Cancel reply