Saturday, May 24, 2025
33 C
Guwahati

কেনে আছে বিজুলী প্ৰসাদ ! শতবৰ্ষ গৰকাৰ পথত এতিয়া ‘বিজুলী প্ৰসাদ’। বগা চাহাবৰ ৰাজ আতিথ্য লাভ কৰা সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ বয়স্ক হাতীটোৰ নামেই বিজুলী প্ৰসাদ ।

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

বিশ্বনাথ ১২ আগষ্ট :

আজি ১২ আগষ্ট বিশ্ব হস্তী দিৱস। ভাৰতৰ আটাইতকৈ বয়স্ক জীৱিত হাতীটো বৰ্তমান বিহালী সমষ্টিত।
উল্লেখযোগ্য যে বৃটিছ উপনিবেশৰ সাক্ষ্য বহনকাৰী ভাৰতৰ আটাইতকৈ বয়স্ক জীৱিত হস্তীটো নাম হৈছে বিজুলী প্ৰসাদক ।

পূৰ্বে বিজুলিক বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বৰগাঁও চাহ বাগিছাত ৰখা হৈছিল যদিও সম্প্ৰতি জিলাখনৰে বিহালী চাহ বাগিছাৰ বাসিন্দা বিজুলী প্ৰসাদ ।

আজিও সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা বিজুলীৰ খবৰ ৰাখে ইংৰাজ চাহাবে ।

প্ৰায় ৮৬ বছৰ পূৰ্বে উইলিয়ামছন মেগৰ টি কোম্পানীয়ে ক্ৰয় কৰিছিল হাতীটো । বৃটিছৰ অলিভাৰ চাহাবে হাতীটোক নাম দিছিল বিজুলী প্ৰসাদ ।
মেগৰ কোম্পানীৰ পৰিয়ালৰ সদস্য হৈ পৰা বিজুলী এসময়ত হৈ পৰিছিল কোম্পানীটোৰ আভিজাত্যৰ প্ৰতীক । বিজুলিৰ খাদ্য তালিকাত আছে প্ৰতিদিনে ২৫ কেজি চাউল, সম পৰিমানৰ গোমধান, বুটমাহ আৰু সপ্তাহত কেইবাগাড়ীও কলগছ যোগান বিজুলী প্ৰসাদক যোগান ধৰি অহা হৈছে বুলি জানিব দিয়ে চাহ বাগিচাৰ কৰ্তৃপক্ষই।

বিজুলী প্ৰসাদক পৰিচৰ্যাৰ বাবে বৃটিছৰ অলিভাৰ চাহাবে নিয়োগ কৰিছিল কেইবাজনো কৰ্মচাৰী । বৰ্তমান টমাছ মুণ্ডা আৰু নৰেশ সৰকাৰে চোৱা চিতা কৰি আছে বিজুলিক ৷ প্ৰতি সপ্তাহতে বিজুলী প্ৰসাদৰ শৰীৰৰ ওজন পৰীক্ষা কৰাৰ লগতে নিয়মিত বিজুলীৰ স্বাস্থ্য পৰীক্ষা কৰি পঠোৱা হয় বাগিচা খনৰ মুখ্য কাৰ্যালয় কলিকতালৈ।

বৰ্তমান পুৱাই দিয়া হয় ২৫ কেজি খাদ্য ৷ বিজুলীৰ খাদ্যৰ তালিকাত আছে চাউল, গোমধান আৰু বুটমাহৰ লগতে দৈনিক যোগান ধৰা হয় কলগছ ৷ বিজুলিক পৰিচৰ্যা কৰোতে বছৰি ৬ লাখ টকা খৰচ হয় আৰু চাহ কোম্পানীয়ে খৰচ কৰে সমুদায় ধন ৷
পশু চিকিৎসক ড° কে কে শৰ্মাৰ তত্বাৱধানত হাতীটোক এতিয়াও নিয়মিত স্বাস্থ্য পৰীক্ষা আৰু ওজন আদি কৰোৱা হয় ৷

ইপিনে, আজিও যদি বিজুলী প্ৰসাদৰ স্বাস্থ্যৰ খবৰ চাহ কোম্পানীৰ কলিকতাস্থিত মূখ্যকাৰ্যালয়ত পোৱাত বিলম্ব হয় মুখ্য কাৰ্যালয়ৰ ভিতৰ চ’ৰাত লাগে খদম দম ।
এতিয়া এনেদৰেই সম্পূৰ্ণ ৰাজ আতিথ্যত দিন অতিবাহিত কৰিছে বৃটিছ আভিজাত্যৰ প্ৰতীক বিজুলী প্ৰসাদে । আজি বিশ্ব হস্তী দিৱস উপলক্ষে বিহালী চাহ বাগিছাৰ ৰঙাগড়া ডিভিজনত অনুষ্টুপীয়াকৈ আয়োজন কৰ হয় এক বিশেষ অনুষ্ঠান ৷ বিজুলিক গা ধুৱাই সজাই পৰাই পালন কৰা হয় হস্তী দিৱস ৷
কৰ্ণাটকৰ বয়স্ক হাতী চামুণ্ডা প্ৰসাদৰ ৮২ বছৰ বয়সত মৃত্যু হোৱাৰ পিছত এতিয়া বিজুলী প্ৰসাদেই দেশৰ বৰ্ষীয়ান হাতী হিচাপে স্বীকৃতি লাভ কৰিলে ৷

- Advertisement -

Hot this week

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

Topics

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
few clouds
36.3 ° C
36.3 °
36.3 °
41 %
1.2kmh
17 %
Sat
36 °
Sun
28 °
Mon
25 °
Tue
32 °
Wed
34 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds