কৃষ্ণাইত কোভিড প্ৰট’কল ভংগকাৰী ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযানঃ চীল কৰি দিলে দোকানঃআদায় কৰিলে জৰিমনা

◊কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ আজি পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা ৰাজ্য চৰকাৰৰ কোভিড সম্বন্ধীয় এছ অ’ পি ভংগকৰাৰ অপৰাধত আজি কৃষ্ণাইত তিনিখন কাপোৰৰ দোকান চীল কৰি দিয়ে জিলা প্ৰশাসনে৷ ইয়াৰ বিপৰীতে আন পাঁচ খন দোকানৰ পৰা আদায় কৰে নগদ ধনৰ জৰিমণা৷ জিলা দণ্ডাধীশ ৰুণাল নাথৰ নেতৃত্বত স্থানীয় আৰক্ষী প্ৰশাসনৰ দল এটাই আজি আবেলি প্ৰায় ২ বজাত সমগ্ৰ কৃষ্ণাই বজাৰৰ লগতে বুধবৰীয়া সাপ্তাহিক বজাৰতো এইদৰে অভিযান চলায়৷ ইফালে, কৃষ্ণাই আৰক্ষী থানাই আজি মাইকৰ জৰিয়তে কোভিড প্ৰট’কল মানি চলাৰ বাবে চৰকাৰে জাৰি কৰা নিৰ্দেশ ৰাইজৰ জ্ঞাতাৰ্থে প্ৰচাৰ কৰে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.