কৃষ্ণাইত অসম-মিজোৰাম সীমান্তৰ ঘটনাৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদঃ দাহ কৰিলে মিজোৰামৰ মুখ্যমন্ত্ৰী জৰামথাংগাৰ প্ৰতিমূৰ্তি

♦অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজো আৰক্ষী আৰু সশস্ত্ৰ মিজো দুৰ্বৃত্তৰ দলে সংঘটিত কৰা অমানৱীয় কাণ্ডৰ বিৰুদ্ধে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে গোৱালপাৰা জিলা আমছুৱে৷  জিলাখনৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত পাইকাণৰ ১৭ নং ৰাষ্ট্রীয় ঘাইপথত মিজোৰামৰ মুখ্যমন্ত্রী জৰামথাংগাৰ প্রতিমুৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে জিলা আমছুৱে।

প্ৰতিবাদস্থলীত আমছুৰ সভাপতি আনিমুল হক চৌধুৰীয়ে অসম মিজোৰাম সীমান্তত সংঘটিত হোৱা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে মিজোৰাম পুলিচে অসমীয়াৰ ওপৰত বৰ্বৰ ভাৱে গুলি চালনা কৰা কার্যক ধিক্কাৰ জনায়। সভাপতি চৌধুৰীয়ে অসম মিজোৰাম সীমান্তত সীমা বিবাদক লৈ সংঘটিত হোৱা ঘটনাৰ তদন্ত কৰি অতি শীঘ্রে দোষীক কৰায়ত্ত কৰি শাস্তি প্রদান কৰাৰ দাবী জনায়৷

তেওঁ এই ঘটনাত নিহত আৰু আহত সকলোক উপযুক্ত ক্ষতিপূৰণ প্রদান কৰিবলৈ অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। অসম মিজোৰাম তথা চুবুৰীয়া ৰাজ্যৰ আগ্রাসন ৰোধ কৰি সীমা বিবাদ স্থায়ী সমাধান কৰাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে নেতা গৰাকীয়ে। জিলা আমছুৰ সভাপতি আনিমুল হক চৌধুৰীয়ে উক্ত ঘটনাত শ্বহীদ হোৱা জোৱান সকলোৰ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে পৰিয়াল বৰ্গ লৈ সমবেদনা জ্ঞাপন কৰে আৰু আহত সকলোৰ আহু আৰোগ্য কামনা কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.