কৃষি বিপ্লৱত জড়িত নলবাৰী এদল সাংবাদিক

পথাৰো আমাৰ বজাৰো আমাৰ কৃষি বিপ্লৱত জড়িত নলবাৰী এদল সাংবাদিক :

ৰাজ্যত হোৱা অত্যাধিক মূল্য বৃদ্ধিয়ে ৰাইজক জুৰুলা কৰা সময়তে কৃষি পথাৰত নামি পৰিছে নলবাৰী জিলা এদল সাংবাদিক ।

এয়া নলবাৰী বৰক্ষেত্ৰী দৃশ্য ।
এই দৰে পথাৰত এদল সাংবাদিক অহৰহ ব্যস্ত হোৱা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে SAR Group ৰ সহযোগত নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক সকলক এক গোটহৈ নামি পৰিছে কৃষি পথাৰত।

সাংবাদিক সকলৰ লক্ষ্য উদ্দেশ্য হৈছে ৰাজ্যত হোৱা অত্যাধিক মূল্য হ্ৰাস কৰিবলৈ হলে সকলোৱে পথাৰত নিজেই নিজৰ কৃষি কাৰ্যত জৰিত হ’ব লাগিব ।
তেতিয়া পথাৰো আমাৰ বজাৰ আমাৰ সফল হব বুলি প্ৰকাশ কৰে
নলবাৰী জিলাৰ জ্যেষ্ঠ সাংবাদিক তথা নলবাৰী জিলাৰ সাংবাদিক সন্থাৰ সভাপতি ৰাজেন ডেকাই ।

ইফালে এই কৃষি কাৰ্য জৰিত হোৱা সাংবাদিক দলটো আছে বৰক্ষেত্ৰীৰ সাংবাদদাতা শ্বেখ আমিনুৰ হুছেইন,নলবাৰী জিলা সাংবাদিক সন্থাৰ সম্পাদক সুভাষ ডেকা, জয়ন্ত ডেকা, পংকজ বৰ্মণ, সুৰজিত পাঠক, আজিজ আলী,মজনুৰ আলী, পিংকু মণি ৰায় চৌধুৰী, ছাহনুৰ আলম, ৰবেন পাটোৱাৰী, ৰাণা চৌধুৰী,আজিজ তাৰিফ প্ৰমুখ্যে বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকলৰ যুটীয়া প্ৰচেষ্টাৰে ৫০ বিঘা মাটিত এনেদৰে সৰিয়হৰ খেতিৰ লগতে ঋতুকালীন ফচল উৎপাদনৰ এক প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*