কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ’ল হাতী ছাফাৰী

 

 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল হাতী ছাফাৰী৷


আজি পুৱাই পৰম্পৰা অনুসৰি হাতী ছাফাৰী আৰম্ভ কৰাৰ পূৰ্বে হাতী আৰু পৰ্যটকৰ কুশল কামনাৰে হস্তী পূজা কৰে মাউতসকলে৷

 

কোভিড প্ৰট’কল মানি কঁহৰা বনাঞ্চলৰ মিহিমুখত বিভাগীয় ১০টা হাতীৰে আৰম্ভ কৰা হাতী ছাফাৰীৰ ৰাইডিং টাৱাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে নাৰিকল ভাঙি শুভাৰম্ভ কৰাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত ফিটা কাটি হাতী ছাফাৰী মুকলি কৰে উদ্যানৰ বন সংমণ্ডল বিষয়া ৰমেশ গগৈয়ে।

বাগৰি বনাঞ্চলত পহিলা দিনটোত ৩০টা ব্যক্তিগত হাতীৰে হাতী ছাফাৰী আৰম্ভ হয় বুলি জানিব লৈ দিয়া সঞ্চালক গৰাকীয়ে।

ছাফাৰীৰ প্ৰথম দিনা একাংশ বহিঃৰাজ্যৰ পৰ্যটকৰ লগতে ৪ বিদেশী পৰ্যটকে হাতী ছাফাৰীৰ আনন্দ লৈ উৎফুল্লিত হৈ পৰা ও দেখা গ’ল।

উল্লেখযোগ্য যে যোৱা ১ অক্টোবৰ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তৰফৰ পৰা আৰম্ভ হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰী ।

উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে প্ৰকাশ কৰা মতে, যোৱা ১ অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যানখত জীপ ছাফাৰী আৰম্ভ হোৱাৰ পাছত প্ৰায় ১৮০০০ পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন কৰাৰ বিপৰীতে ৩৫ লক্ষাধিক টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে উদ্যান কৰ্তৃপক্ষ৷ ইপিনে আন্তঃৰাষ্ট্ৰীয় বিমানৰ যাতায়াত সূচাৰুৰূপে হ’লে বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি হ’ব বুলি আশাবাদী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.