আগন্তুক ২০২১ বিধানসভা নিৰ্বাচনৰ বাবে নাজিৰাত কংগ্ৰেছ-বিজেপিৰ মনোনয়ন পত্ৰ দাখিল

♦পাৰ্থ প্ৰতিম বৰুৱা,নাজিৰাঃ
শিৱসাগৰ জিলাৰ ১০৪নং বিধানসভা সমষ্টিত আগন্তুক নিৰ্বাচনৰ বাবে আজি পৃথকে পৃথকে কংগ্ৰেছ আৰু বিজেপি দলৰ সৈ টিকট প্ৰাপ্ত প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ দাখিল কৰে নাজিৰা মহকুমাৰ মহকুমাধিপতি লক্ষিমী দত্তৰ ওচৰত।

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ দুৰ্গ হিচাপে বিবেচিত তথা স্বৰ্গীয় প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ নাজিৰা সমষ্টিত কংগ্ৰেছ দলৰ সৈ দেৱব্ৰত শইকীয় আৰু ভাৰতীয় জনতা পাৰ্টীৰ হৈ ময়ূৰ বৰগোঁহাই, দুয়ো পক্ষই নিজৰ নিজৰ হাজাৰ হাজাৰ সমৰ্থক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.