Friday, June 20, 2025
25.7 C
Guwahati
TOP NEWS:

আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছঃ ল’ৰা-ছোৱালীৰ খিতাপৰ যুঁজত ভাৰত বনাম আমেৰিকা

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

গুৱাহাটীঃ শীৰ্ষ বাচনিৰ ভাৰতৰ সেহাজ সিং পাৱাৰক ৬-৩, ৭-৫ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি আমেৰিকাৰ ইজিয়ান আহমেদে গুৱাহাটীত চলি থকা আই টি এফ জুনিয়ৰ [জে-৬০] আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাৰ ল’ৰাৰ একক শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ তৃতীয় বাচনিৰ ইজিয়ানে কাইলৈ হ’বলগা খিতাপৰ যুঁজত ভাৰতৰ বাচনি বিহিন খেলুৱৈ অৰ্জুন ৰাথীৰ মুখামুখি হ’ব৷ উল্লেখ্য যে প্ৰতিযোগিতাত চমক সৃষ্টিৰে অগ্ৰগতি অব্যাহত ৰখা অজুৰ্নে আজি হোৱা ল’ৰাৰ একক শাখাৰ আনখন ছেমিফাইনেলত ষষ্ঠ বাচনিৰ ভাৰতৰ প্ৰনীল শৰ্মাক ৬-১, ৬-২ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে৷

ইফালে, ১৮ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ বিশ্ব ৰেংকিঙৰ প্ৰতিযোগিতাখনত কাইলৈ ছোৱালীৰ একক শাখাৰ ফাইনেল অনুষ্ঠিত হ’ব শীৰ্ষ বাচনিৰ ভাৰতৰ ঋষিতা ৰেড্ডী আৰু দ্বিতীয় বাচনিৰ আমেৰিকাৰ প্ৰিয়ংক ৰাণাৰ মাজত৷ গুৱাহাটীৰ চচলস্থিত টেনিছ প্ৰকল্পত আজি অনুষ্ঠিত হোৱা ছেমিফাইনেলত ঋষিতাই ৬-১, ৬-৩ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে ভাৰতৰ চতুৰ্থ বাচনিৰ ঐশ্বৰ্য যাদৱক৷ আনহাতে, আনখন ছেমিফাইনেলত প্ৰিয়ংকই ৬-১, ৬- ৪ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে শৈৱী গৌৰৱ দলালক৷

উল্লেখ্য যে সদৌ অসম টেনিছ সন্থাই সৰ্বভাৰতীয় টেনিছ সংন্থাৰ সহযোগত আয়োজন কৰা তথা বিশ্ব টেনিছ সংঘৰ স্বীকৃত প্ৰতিযোগিতাখনৰ ল’ৰা আৰু ছোৱালীৰ ডাবলছ শাখাৰ ফাইনেল আজি অনুষ্ঠিত হয়৷ ল’ৰাৰ ডাবলছ শাখাৰ ফাইনেলত শীৰ্ষ বাচনিৰ ফ্ৰান্সৰ এৰন গাবেট আৰু ভাৰতৰ সেহাজ সিং পাৱাৰ যুটিয়ে চতুৰ্থ বাচনিৰ ভাৰতীয় যুটি আদিত্য মোড় আৰু অৰ্জুন ৰাথীক ৬-২, ৬-৩ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি খিতাপ লাভ কৰে৷ ইফালে, ভাৰতৰ ঐশ্বৰ্য যাদৱ আৰু সোহিনী সঞ্জয় মহন্তীয়ে ছোৱালীৰ ডাবলছ শাখাৰ খিতাপ লাভ কৰিছে৷ শীৰ্ষ বাচনিৰ যুটিটোৱে ফাইনেলত ৬-১, ৬-৩ ৰ পোনপটীয়া ব্যৱধানত ভাৰতৰে দ্বিতীয় বাচনিৰ মাহিকা খান্না আৰু কাশৱী সুনীলক পৰাস্ত কৰে৷

- Advertisement -

Hot this week

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.7 ° C
25.7 °
25.7 °
90 %
1.3kmh
98 %
Thu
25 °
Fri
32 °
Sat
34 °
Sun
34 °
Mon
30 °