Saturday, July 12, 2025
26.7 C
Guwahati
TOP NEWS:

আই এছ এলত অসম সন্তান পাৰ্থিব গগৈৰ অভিলেখ

- Advertisement -

● ভাৰতৰ ভৱিষ্যতৰ সুনীল ছেত্ৰী বুলি ক’লে নৰ্থইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক বেনালিয়ে

মুম্বাইঃ ভাৰতীয় ফুটবলৰ যুৱ প্ৰতিভা বিকাশত ইণ্ডিয়ান ছুপাৰ লীগৰ অবিৰত অবদান অনন্য৷ আই এছ এলৰ প্ৰতিটো দলতে তাৰকা থকাৰ সময়তে কেবাগৰাকীও খেলুৱৈয়ে নিজৰ দক্ষতা আৰু প্ৰতিভাৰে চমক সৃষ্টি কৰি নায়কৰ দৰেই আবিৰ্ভাৱ হৈছে৷ আই এছ এলে আৰম্ভনিৰ বৰ্ষৰ পৰাই সমগ্ৰ ভাৰততে অধিক যুৱ প্ৰতিভাৰ সমাহাৰ কৰাৰ ক্ষেত্ৰত অগ্ৰনি ভূমিকা পালন কৰিছে৷

নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ যুৱ তাৰকা অসম সন্তান পাৰ্থিব গগৈ আই এছ এলৰ মঞ্চৰ পৰাই জন্ম হোৱা ভাৰতীয় ফুটবলৰ নতুন আশাৰ বন্তী৷ নিজৰ ক্ষমতা, খেলপথাৰত বল নিয়ন্ত্ৰণ কৰাৰ দক্ষতা আৰু দীৰ্ঘ দূৰত্বৰ পৰাই শক্তিশালী শ্বট লোৱাৰ প্ৰতিভা থকা পাৰ্থিৱে যোৱা ছিজনতে বিশেষজ্ঞৰ মনজয় কৰাৰ লগতে অনুৰাগীৰো প্ৰিয় হৈ পৰিছিল৷

উল্লেখ্য যে ২১ বছৰীয়া ফৰৱাৰ্ডগৰাকীয়ে যোৱা আই এছ এলত পাঁচটা গ’ল দিয়াৰ লগতে চাৰিটা গ’লত সহায় কৰিছিল৷ নৰ্থ ইষ্ট ইউনাইটেডে ঐতিহাসিক ডুৰাণ্ড কাপৰ খিতাপ জয় কৰাতো অসম সন্তানৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল৷ পাৰ্থিৱে ফাইনেলত মোহন বাগানৰ বিৰুদ্ধে পেনাল্টি শ্বুটআউটত গল কৰি জয়ৰ পথ সাজু কৰিছিল৷

চলিত আই এছ এলৰ শনিবাৰৰ গুৱাহাটীৰ মেচত জামছেদপুৰ এফ চিৰ বিৰুদ্ধে নৰ্থ ইষ্ট ইউনাইটেডৰ ইতিহাসৰ শ্ৰেষ্ঠ জয়ৰ সফলতাত পাৰ্থিৱে মুখ্য ভূমিকা লয়৷ ৫-০ ত জয়ী হোৱা মেচখনত পাৰ্থিৱে দুটাকৈ গল কৰি আই এছ এলত ১০ টা গল কৰা খেলুৱৈ ৰূপে পৰিগনিত হয়৷

ইফালে, গলৰ সংখ্যা দহক কৰি দলৰ হৈ আই এছ এলত সৰ্বাধিক গল কৰাৰ তালিকাৰ তৃতীয় স্থানত উপনিত হয় পাৰ্থিৱ৷ ইয়াৰপূৰ্বে বাৰ্থলমিউ অগবেচে আৰু দেশৰ্ণ ব্ৰাউনে বাৰটাকৈ গ’ল কৰিছিল৷ ইফালে, ২২ বছৰ বয়সতে সৰ্বাধিক গল কৰাৰ অভিলেখো আই এছ এলত গঢ়িলে পাৰ্থিৱে৷

‘পাৰ্থিব এজন সুদক্ষ খেলুৱৈ আৰু দলত সুযোগো পাইছে৷ তেওঁ আগবাঢ়ি যোৱাৰ প্ৰয়োজন৷ তেওঁৰ বাবে অন্তিম সীমা আকাশ৷ এইসময়ত প্ৰতিটো দিনেই তেওঁ অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব৷ এয়া কৰিব পাৰিলে মই ক’ম পাৰ্থিৱ ভাৰতৰ ভৱিষ্যতৰ সুনীল ছেত্ৰী হ’ব৷’ নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালি কয়৷

২০২৭ চনলৈ নৰ্থ ইষ্ট ইউনাইটেডৰ সৈতে চুক্তি বৃদ্ধি কৰা পাৰ্থিৱৰ ক্লাবৰ লগত গভীৰ সম্পৰ্ক গঢ়ি উঠিছে৷ নিজৰ যাত্ৰাৰ বিষয়ে পাৰ্থিৱে কয়, আই এছ এলত মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে মোৰ প্ৰথমটো পেছাদাৰী গ’ল কেতিয়াও পাহৰিৱ নোৱাৰো৷ আনহাতে, শ্বিলং লাজঙৰ বিৰুদ্ধে হেট্ৰিকৰ স্মৃতিও অনন্য৷ নৰ্থ ইষ্ট ইউনাইটেডত থাকিলে ঘৰৰ দৰে অনুভৱ হয়৷ মই আন ক’তো থকাৰ কথা কল্পনা কৰিব নোৱাৰো৷’

ইফালে, চলিত ছিজনত নৰ্থ ইষ্ট ইউনাইটেডে প্ৰথমবাৰৰ বাবে মেঘালয়ৰ শ্বিলঙতো ঘৰুৱা মেচ খেলিব৷ প্ৰশিক্ষক বেনালীয়ে নৰ্থ ইষ্ট ইউনাইটেডৰ দৰ্শনৰ বিষয়ে ব্যক্ত কৰি কয় যে উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ স্থানীয় প্ৰতিভাক স্কাউটিং আৰু লালন-পালন কৰাটো ক্লাবৰ মুল কাম৷

‘ক্লাবৰ দৰ্শন একেবাৰে স্পষ্ট৷ আমি প্ৰতিখন ৰাজ্যলৈ গৈ প্ৰতিভা বিচাৰিম৷ ইতিমধ্যে ষ্টাফ আৰু মেনেজমেণ্টে বহল ভিত্তিত স্কাউটিং কৰিছে আৰু আমি বহুত প্ৰতিভা পাইছো৷ জন আব্ৰাহাম আৰু চিইঅ’ মাণ্ডাৰ টামহানেৰ এই দিশত স্পষ্ট ধাৰণা আছে আৰু ক্লাবেও ইয়াৰ পৰা লাভৱান হোৱাৰ প্ৰৱণতা আছে৷’ বেনালিয়ে লগতে হয়৷

উল্লেখ্য যে নৰ্থ ইষ্ট ইউনাইটেডে এতিয়ালৈকে ছখন খেলত দুখনকৈ জয়, পৰাজয় আৰু ড্ৰ’ কৰিছে৷ আঠ পইণ্টেৰে তালিকাৰ পঞ্চম স্থানত গুৱাহাটীৰ দলটো আছে৷ অহা তিনি নৱেম্বৰত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত আবেলি পাঁচ বজাত হ’বলগা মেচত দলে ওড়িছা এফ চিৰ বিৰুদ্ধে খেলিব৷

Hot this week

Indus Towers Partners with NEAID to Aid Flood Affected Communities in Assam, Manipur and Tripura

Guwahati, July 9, 2025:  Amid the devastating floods that...

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Topics

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Related Articles

Popular Categories

Assam
clear sky
26.3 ° C
26.3 °
26.3 °
85 %
0.7kmh
3 %
Fri
26 °
Sat
35 °
Sun
35 °
Mon
30 °
Tue
30 °