Saturday, July 12, 2025
27.5 C
Guwahati
TOP NEWS:

“অসম জাৰ্ণেলিষ্ট এণ্ড ই-মিডিয়া ফ’ৰাম” ৰ আত্মপ্ৰকাশ
"

- Advertisement -

● সাংবাদিক সকলৰ সৰ্বাংগীন কল্যাণ আৰু সামাজিক নিৰাপত্তাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লক্ষ্যৰে নতুনকৈ আত্মপ্ৰকাশ ঘটিল ” অসম জাৰ্ণেলিষ্ট এণ্ড ই-মিডিয়া ফ’ৰাম” নামৰ এক সাংবাদিক সংগঠনৰ। আজি ঐতিহ্যমণ্ডিত গুৱাহাটী প্ৰেছ ক্লাবত এক গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত আত্মপ্ৰকাশ ঘটে সংগঠনটোৰ।

“আত্মপ্ৰকাশ পৰ্ব” শীৰ্ষক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি সুস্মিতা গোস্বামীয়ে আনুষ্ঠানিক ভাৱে অসম জাৰ্ণেলিষ্ট এণ্ড ই-মিডিয়া ফ’ৰামৰ আত্মপ্ৰকাশ কৰা বুলি ঘোষণা কৰাৰ লগতে ভাষন প্ৰসংগত বহু সাংবাদিকে সংবাদ প্ৰতিষ্ঠান সমুহৰ পৰা এখন নিযুক্তি পত্ৰও লাভ নকৰাৰ লগতে সামান্য মাননিহে লাভ কৰে, যাৰ পৰিনতিত সাংবাদিক সকলৰ পাৰিবাৰিক অৱস্থা যথেষ্ট শোচনীয় হয়, সেয়ে নৱগঠিত সংগঠনটোক প্ৰধানকৈ ইয়াৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। সন্মানীয় বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি প্ৰবীণ সাংবাদিক তথা জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে কয় যে বহু অনুষ্ঠানতকৈ আজিৰ অনুষ্ঠানটো কিছু ব্যতিক্ৰম দেখিছোঁ, কিয়নো আত্মপ্ৰকাশ শব্দটো পূৰ্বে ব্যৱহাৰ কৰা মই দেখা নাই, এনে শব্দৰ ব্যৱহাৰিক প্ৰয়োগ দেখি মই অভিভূত হৈছোঁ, ইয়াতেই বুজিব পাৰিছোঁ যে এই সংগঠনৰ কৰ্ম স্পৃহা আৰু দক্ষতাৰে অনাগত দিনত আগবাঢ়ি যাব পাৰিব। সমান্তৰালকৈ সাংবাদিকৰ নিৰাপত্তা বিষয় প্ৰসংগত কয় যে চিকিৎসক সকল যদি কৰ্তব্যৰত সময়ত নিগৃহত হয় তেন্তে কঠোৰ আইনৰ আওতাত অপৰাধীক গ্ৰেপ্তাৰ কৰা হয়, বেংক কৰ্মচাৰীৰ ক্ষেত্ৰতো একেই ব্যৱস্থা থাকে, তেন্তে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ ব্যক্তি সকলৰ নিৰাপত্তা ক্ষেত্ৰতো একেই কঠোৰ আইন ব্যৱস্থা দেশত প্ৰৱৰ্তন হ’ব লাগে। লগতে এই সংগঠনৰ প্ৰধান লক্ষ্য-উদ্যেশ্য হিচাপে সাংবাদিকৰ অধিকাৰ, দায়িত্ব, সন্মানৰ হকে আপোনালোকে একত্ৰিত হৈ ইয়াক ৰক্ষা কৰিব লাগিব তদুপৰি সমাজখন সুষ্ঠ আৰু অগ্ৰগামি কৰিব লাগিব। আনহাতে বৈদ্যুতিক সংবাদ মাধ্যমৰ জ্যেষ্ঠ সাংবাদিক তথা NB NEWS ৰ সহযোগী সম্পাদক কুমাৰজিৎ শৰ্মাই কয় যে এই সংগঠনে মুলত ৰাজ্য খনত ক্ৰমাৎ বৃদ্ধি পোৱা সাংবাদিক আক্ৰমণৰ ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি বিভিন্ন সাংবাদিক সংগঠন সমুহে একত্ৰিত হৈ সমস্বৰে প্ৰতিবাদৰ ভাষা হ’ব লাগিব আৰু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সভাত পৌৰাহিত্য কৰি জেষ্ঠ অধিবক্তা তথা লেখক মদন ডেকাই অসম জাৰ্ণেলিষ্ট এণ্ড ই-মিডিয়া ফ’ৰামৰ আত্মপ্ৰকাশক লৈ সন্তুষ্টি প্ৰকাশ কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অনাগত দিনত এই সংগঠনটোক আইনী পৰামৰ্শ প্ৰদান কৰাৰ সদিচ্চা প্ৰকাশ কৰে। উল্লেখ্য যে অসম জাৰ্ণেলিষ্ট এণ্ড ই-মিডিয়া ফ’ৰামৰ মুখ্য উপদেষ্টা হিচাপে হেমেন কলিতা, সভাপতি হিচাপে যোগেন বৰ্মন আৰু সাধাৰণ সম্পাদক হিচাপে মধু মাধৱ দাসক লৈ ৫১ জনীয়া সদস্যৰে গঠিত সমিতিয়ে আত্মপ্ৰকাশ কৰে।

Hot this week

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

Indus Towers Partners with NEAID to Aid Flood Affected Communities in Assam, Manipur and Tripura

Guwahati, July 9, 2025:  Amid the devastating floods that...

Topics

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Related Articles

Popular Categories

Assam
clear sky
26.3 ° C
26.3 °
26.3 °
85 %
0.7kmh
3 %
Fri
26 °
Sat
35 °
Sun
35 °
Mon
30 °
Tue
30 °