শেহতীয়া আপডেটঃ

পৰ্যটনৰ কেন্দ্ৰভূমি প্ৰসিদ্ধ বাখৰ বেঙেনা গছজোপাৰ ইতিহাস

...আকৌ গছজোপাক লৈ গ্ৰাম্য অঞ্চলৰ লোকৰ মাজত অলৌকিক কাহিনীৰো অন্ত নাই। লোকসকলৰ মতে শনি আৰু মংগলবাৰে ৰাতি বা দিনৰ দুপৰীয়া ভাগত এই বৃক্ষজোপাৰ তলত পকা চুলিৰ বুঢ়া এজন বহি থাকে আৰু কোনো কোনো লোকৰ দৃষ্টিত পূৰ্ণিমাৰ মাজ ৰাতি নৃত্য কৰি থকা দেৱীকন্যাকো দেখা পায়।...

“…অৰ্থাৎ বকতা অঞ্চলৰ চুহুংমুং দিহিঙ্গীয়া ৰজাই বকতাৰ নগৰ স্থাপন কৰাৰ সময়ত প্ৰতিঘৰ মানুহৰ বাৰীত একোখন সুন্দৰ ফুলনি বাগিছা পাতিবলৈ নিৰ্দেশ দিছিল। কালক্ৰমত এই নামেৰেই নামকৰণ কৰা হয়। বুৰঞ্জীমূলকভাৱে লিখিত নোহোৱা বহুতো তথ্যৰে আবৃত্ত হৈ থকা এই অঞ্চলতে আছে ইতিহাসৰ বুকুত সোমাই থকা বাখৰ বেঙেনা নামৰ গছজোপা। প্ৰসিদ্ধ বখৰ বেঙেনা গছজেপাৰ উচ্চতা প্ৰায় ৩০-৩৫ ফুট মান হ’ব।…”

বৈচিত্ৰময় এছিয়া মহাদেশৰ, ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ শিৱসাগৰ জিলাৰ ডিমৌৰ ওচৰত অৱস্থিত ইতিহাস প্ৰসিদ্ধ এই গছজোপা। ইতিহাসৰ পাত লুটিয়াই চালে অতীতৰ ৰংপুৰ আৰু বৰ্তমানৰ শিৱসাগৰ জিলাত গাঁৱে-ভূঞে, আলিয়ে-পদুলিয়ে অন্তনিৰ্হিত হৈ আছে বহুতো ঐতিহাসিক ঘটনা। লগতে আছে বহুতো প্ৰাচীন কীৰ্তিস্তম্ভ। ইতিহাসৰ বহু উত্থান-পতনক নেওচি নিৰবিছিন্নভাৱে সাক্ষী হৈ আছে বৰ্তমানে সময়ৰ বুৰঞ্জীমূলক বাখৰ বেঙেনা নামৰ গছজোপা।

শিৱসাগৰ নগৰৰ পৰা উত্তৰ-পূৱ দিশত প্ৰায় ২৪-২৫ কিঃমিঃ দূৰত্বত ‘বকতা’ নামৰ এখন ঐতিহাসিক ঠাই অৱস্থিত। এই ঠাইখনতে এসময়ত চুহুংমুং দিহিঙীয়া ৰজাই এখন নগৰ স্থাপন কৰিছিল। তেতিয়া আহোম ৰাজধানী দিহিং নদীৰ পাৰৰ ‘চৰগুৱা’ নামৰ ঠাইত আছিল। কিন্তু এইগৰাকী ৰজাই বকতাত প্ৰায় পাঁচ বছৰ কাল ধৰি ৰাজধানী পতি বাস কৰিছিল বুলি বুৰঞ্জীৰ পাতত পোৱা যায়। এই গৰাকী ৰজাৰ ৰাজবংশৰ লোক বৰ্তমান সময়তো এই অঞ্চলতে বাস কৰি থকাৰ কথা গম পোৱা যায়। এই লোকসকলক কেন্দ্ৰ কৰিয়েই বহুতো গাঁও গঠিত হৈছে। এই অঞ্চলৰ বিশেষ গাঁওবোৰ ক্ৰমে, পাটসাকোঁ, নেমুগুৰি, নঙলামৰা, চেপন, ম’হখুঁটি, পাৰিজাত, মৰাণ, নিগমিটিং, ডবা, মৰাণজান, কচুমাৰী, কচুপথাৰ, জজলী আদি অনেক সৰু-বৰ বহুতো গাঁও পোৱা যায়। ইয়াৰ ভিতৰত চেপনত চুহুংমুং দিহিঙ্গীয়া ৰজাই চৰাইদেউত ৰাজধানী পতাৰ আগভাগত চেপনত এখন সৰু নগৰ পাতি কিছুদিন বাস কৰিছিল। বকতাৰ ওচৰৰ খামুন গাঁৱত কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ঘৰ আছে। এই অঞ্চলত বসবাস কৰি থকা আহোম সম্প্ৰদায়ৰ পণ্ডিত পৰিয়ালবোৰ হ’ল– মহন, দেওধাই, বইলুংসকল। এই লোকসকলে বৰ্তমানেও আহোমৰ মূল শিপাডালক ধৰি ৰাখিবলৈ সক্ষম হৈছে যদিও সম্পূৰ্ণৰূপে সক্ষম হৈছে বুলি ক’ব পৰা নাযায়। বৰ্তমান এই লোসকল পৃথিৱীৰ বিভিন্ন স্থানৰ গৱেষকসকলৰ অধ্যয়নৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আহোম পণ্ডিতসকলে ‘বকতা’ নামটোৰ অৰ্থ বিশ্লেষণ কৰি ‘ফুলনি’ নামেৰে নামাকৰণ কৰিব বিচাৰে। অৰ্থাৎ বকতা অঞ্চলৰ চুহুংমুং দিহিঙ্গীয়া ৰজাই বকতাৰ নগৰ স্থাপন কৰাৰ সময়ত প্ৰতিঘৰ মানুহৰ বাৰীত একোখন সুন্দৰ ফুলনি বাগিছা পাতিবলৈ নিৰ্দেশ দিছিল। কালক্ৰমত এই নামেৰেই নামকৰণ কৰা হয়।

“বাখৰ বেঙেনাৰ দৰে গছ বা এনে প্ৰজাতিৰ পুৰণি গছ ভাৰতৰ লগতে অসমৰ অন্য কোনো উপত্যকাত আজিলৈকে পোৱা হোৱা নাই। বৰ্তমান সময়ত সকলো লোকৰ মুখত মাত্ৰ এটাই প্ৰশ্ন, এনে ধৰণৰ আচৰিত গছ এজোপা ক’ৰ পৰা আহিল· বিভিন্ন গৰাকী লোকে বিভিন্ন ধৰণৰ মতামত আগবঢ়াব বিচাৰে যদিও সঠিক মন্তব্য কোনেও দিব নোৱাৰে।”

বুৰঞ্জীমূলকভাৱে লিখিত নোহোৱা বহুতো তথ্যৰে আবৃত্ত হৈ থকা এই অঞ্চলতে আছে ইতিহাসৰ বুকুত সোমাই থকা বাখৰ বেঙেনা নামৰ গছজোপা। প্ৰসিদ্ধ বখৰ বেঙেনা গছজেপাৰ উচ্চতা প্ৰায় ৩০-৩৫ ফুট মান হ’ব। এই বিৰল গছজোপা মূল গুৰিৰ পৰা নডাল ফেৰেঙণি মেলি নতুনকৈ নডাল গা-গছৰ সৃষ্টি হৈছে। প্ৰতিডাল গা-গছে একাঁ-বেঁকাকৈ উঠি ওপৰৰ ভাগত জেপোহা সদৃশ হৈ পৰিছে। গছজোপাৰ সৰু সৰু ডালৰ পৰা আৰম্ভ কৰি ডাঙৰ ডালবোৰলৈকে শেলুৱৈ লাগি আছে। গছজোপাৰ পাতবোৰ মিহি সেউজীয়া বৰণৰ। শীতৰ আগমণত গছজোপাৰ পাতবোৰ সৰি লঠঙা হৈ পৰে আৰু বসন্তৰ আগমণত পুনৰ বহুতো নতুন পাতৰ কুঁহি মেলি এক নতুন ৰূপ পায়। পৰৱৰ্তী সময়ত গছজেপাত ফুল ফুলি অতি মনোমোহা হৈ পৰে। ফুলবোৰ আহাৰ মাহত ফুলে। ফুলবেৰ দেখিবলৈ প্ৰায় গোলাপ ফুল দৰে বগা ৰঙৰ। আঠটা পাহি থকা গছজোপাৰ ফুলবোৰৰ ৰেণুবোৰ পাতল হালধীয়া বৰণৰ। ফুলৰ পাহিবোৰত পখিলা আৰু মৌ-মাখি পৰি থকা দেখা যায়। দেখিবলৈ অতি সুন্দৰ লাগে। পাতল হালধীয়া ৰঙৰ ৰেণুবোৰ প্ৰায় সোণালী ৰঙৰ দৰে যেন লাগে আৰু ৰ’দৰ পোহৰত প্ৰতিফলিত হৈ এই ৰেণুবোৰ জিক্মিকাই থাকে। ফুল ফুলাৰ পাছত গছজোপাত গুটি ধৰে। গুটিবোৰ সাধাৰণতে এটা মধুৰিআমৰ সমান হ’ব আৰু ফালি চালে ভিতৰৰ ভাগত বেঙেনা গুটি সদৃশ কিছুমান গুটি দেখা পোৱা যায়। মধুৰিআমৰ সমান ডাঙৰ গুটিটো ৰাতি জোনৰ পোহৰত আৰু সূৰ্যৰ কিৰণত আঁতৰৰ পৰা বাখৰৰ দৰে উজ্জ্বলিত হৈ পৰা দেখা যায়। স্থানীয় লোসকলৰ মুখৰ পৰা গম পোৱা যায় যে, এনেদৰে দেখা পোৱা বাবে পৰৱৰ্তী সময়ত অৰ্থাৎ ‘বাখৰ বেঙেনা’ নামেৰে নাম দিয়ে। কিন্তু কেতিয়া কোনে পোন প্ৰথমে নাম দিলে তাৰ প্ৰমাণ অজ্ঞাত। গছজোপাৰ গুটিবোৰ পূৰঠ হ’লে বা পকা অৱস্থাত হালধীয়া ৰং ধৰে। গুটিটোৰ তলৰ ফালে এটা গাঁত আছে। গুটিবোৰ বহুমুখযুক্ত বাবে বাখৰ আৰু সৰু বেঙেনাৰ দৰে হোৱা বাবে বেঙেনা বুলি পৰিচিত। টাই ভাষাত ‘বাখৰ’ মানে ‘মুখা’ এগৰাকী উদ্ভিদ বিজ্ঞানীয়ে ১৯৩০ চনত অসমৰ অন্যান্য অঞ্চলত থকা বিভিন্ন প্ৰজাতিৰ গছৰ ওপৰত কৰা পৰীক্ষাত এই বিৰল গছজোপাৰ আৱিষ্কাৰ কৰে বুলি জানিব পাৰি। এই গছজোপাক বৈজ্ঞানিক নামেৰে নামাকৰণ কৰিছে। বৈজ্ঞনিক নাম- (Randiaulginosa) ইয়াৰ ওপৰিও এই অদ্ভূদ গছজোপাৰ ওপৰত আজি পৰ্যন্ত পৰীক্ষা চলি আছে। গৱেষক¸সকলৰ মতে গছজোপা ৪০০ বছৰ পুৰণি বুলি ঠাৱৰ কৰিছে। (Regional Research Laboratory 1950) চনত ড০ গোবন চন্দ্ৰ নাথে এই আচৰিত বৃক্ষজোপাৰ ওপৰত বহুতো পৰ্যৱেক্ষণ কৰি ১৮শ শতিকাৰ বুলি ক’ব বিচাৰে।

বাখৰ বেঙেনাৰ দৰে গছ বা এনে প্ৰজাতিৰ পুৰণি গছ ভাৰতৰ লগতে অসমৰ অন্য কোনো উপত্যকাত আজিলৈকে পোৱা হোৱা নাই। বৰ্তমান সময়ত সকলো লোকৰ মুখত মাত্ৰ এটাই প্ৰশ্ন, এনে ধৰণৰ আচৰিত গছ এজোপা ক’ৰ পৰা আহিল· বিভিন্ন গৰাকী লোকে বিভিন্ন ধৰণৰ মতামত আগবঢ়াব বিচাৰে যদিও সঠিক মন্তব্য কোনেও দিব নোৱাৰে। দ্বাদশ শতিকাৰ পৰা চতুৰ্দশ শতিকালৈকে অসম ৰাজ্যত বৰাহীসকল প্ৰৱল প্ৰতাপী আছিল। মধ্য অসম তেওঁলোকৰ ৰাজ্য আছিল। উত্তৰ দিশত আছিল দিচাং নদী, দক্ষিণ দিশত আছিল দিখৌ নদী, পশ্চিম দিশত ডিগাৰু নদীৰ সীমনালৈকে তেওঁলোকে সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। জয়ন্তীপুৰ আৰু জয়ন্তপুৰ এই দুখন ঠাই তেওঁলোকৰ ৰজধানী আছিল। ‘বৰাহ’ বা ‘বৰাহী’ ৰাজ্যৰ প্ৰতাপী ৰজা গৰাকীৰ নাম ‘শ্ৰীমহা মণিক্য’। চীনা সম্ৰাটৰ অধীনস্থ এগৰাকী চীনা সামন্ত ৰজাই তেওঁৰ ৰাজসভালৈ বিচক্ষণ ৰাজ কটকী পঠাইছিল আৰু অন্যান্য বহুবোৰ সামগ্ৰীৰ লগত চীনা ৰজাই এই অদ্ভুদ গছজোপাৰ পুলিটো দিছিল বুলি বহু লোকে ক’ব বিচাৰে। দুয়ো ৰজাৰ সৌভাগ্যৰ একমাত্ৰ প্ৰতীক আছিল গছৰ পুলিটো। এই গছ পুলিটো চুতীয়া ৰাজ্যৰ ৰজা ধৰ্মধ্বজ পাল আৰু শ্ৰীমহামাণিক্যই নিজা ৰাজ্যৰ সীমা নিৰূপণ কৰি এই গছ পুলিটো ৰোপণ কৰে ‘বকতা’ আৰু ‘জৱলটিং’ গাঁৱৰ মধ্যম স্থানত। এই কথা ক’ব বিচাৰে সেই গাঁৱৰ লোকসকলে। কিন্তু সঠিক মন্তব্য দিয়াত যথেষ্ট কষ্টকৰ। অন্য একাংশ জ্যেষ্ঠ নাগৰিকৰ মতামত ক্ৰমে, “চুহুংমুং ৰজাৰ ৰাজত্বৰ কালত চুতীয়াসকলৰ সৈতে যুদ্ধ হয়, চুতীয়া ৰাজ্যৰ ৰজা ৰত্নধ্বজ পালে পৰাজয় বৰণ কৰিব লগা হয়। পৰৱৰ্তী সময়ত পুনঃৰ মিত্ৰতা স্থাপন কৰাৰ বাবে সোণ, ৰূপ, মণি, মুকুতা আদি কেইবাটাও দি ৰাজ্যৰ সীমাক নিৰ্ধাৰণ কৰি এই আচৰিত ৰহস্যময়ী গছজোপাৰ ৰোপণ কৰাৰ লগতে ৰজাই ক’ব বিচাৰে, “চুতীয়া জাতি পৃথিৱীত কিমান দিন জীয়াই থাকিব, এই গছজোপাত সিমান দিন জীয়াই থাকিব।” ইয়াৰোপৰি বহুতো লোকৰ মতে আজিৰ পৰা প্ৰায় তিনি কুৰি বছৰমানৰ আগতে এই সমগ্ৰ অঞ্চল বহু পৰিমাণে হাবি-বনে পুৰপূৰ্ণ আছিল। তাৰ মাজতে এই গছজোপাও আছিল। বকতা অঞ্চলৰ স্থানীয় বাসিন্দাসকলে হাবি-বন কাটি জুই লগাই দিয়ে যদিও জুইত গছজোপাৰ কোনো পৰিমাণে ক্ষয়-ক্ষতি নহয়। সেইবাবে এই অঞ্চলৰ লোকৰ লোকবিশ্বাস অনুসৰি, চুতীয়া ৰজাই আহোমৰ সতে মিত্ৰতা কৰি ৰোপণ কৰা কথাই সত্য।’ আকৌ গছজোপাক লৈ গ্ৰাম্য অঞ্চলৰ লোকৰ মাজত অলৌকিক কাহিনীৰো অন্ত নাই। লোকসকলৰ মতে শনি আৰু মংগলবাৰে ৰাতি বা দিনৰ দুপৰীয়া ভাগত এই বৃক্ষজোপাৰ তলত পকা চুলিৰ বুঢ়া এজন বহি থাকে আৰু কোনো কোনো লোকৰ দৃষ্টিত পূৰ্ণিমাৰ মাজ ৰাতি নৃত্য কৰি থকা দেৱীকন্যাকো দেখা পায়। পৰম্পৰাগতভাৱে এনে বহুতো লোকবিশ্বাস গছজোপা আৰু গছজোপাৰ কাষৰ জান-জুৰিবোৰক লৈ প্ৰচলিত হৈ আহিছে।

যি কি নহওক কিয়, এই আচৰিত ৰহস্যময়ী অদ্ভূদ গছজেপাক লৈ মানুহৰ বৰ্ণনাৰ অন্ত নই, পৰ্যবেক্ষণৰো অন্ত নাই। আচৰিত বৃক্ষজোপক লৈ যদি ভালদৰে চৰকাৰীভাবেও অধ্যয়ন কৰি চোৱা যায় তেন্তে এই গছজোপাৰ বিষয়ে আমি নজনা বহুতো তথ্য পোহৰলৈ আহিব বুলি ক’ব পাৰি। অন্যহাতে চৰকাৰীভাৱেও আৰু আমি সকলোৱে মিলি গছজোপাৰ সুৰক্ষা প্ৰদান কৰাতো আমাৰ বাবে কাম্য।

ইতিহাসৰ বুকুত লীন যোৱা শিৱসাগৰ নগৰত এনে আৰু বহুতো কথা অৱহেলিত হৈ পৰি আছে। এনে ধৰণৰ সৰু বৰ ঘটনা প্ৰৱাহক যদি আমাৰ বিজ্ঞজনে নতুনত্ব প্ৰদান কৰিব পাৰে তেন্তে আমি নজনাকৈ থকা বুৰঞ্জীৰ বহু কথা জানিব পাৰিম।

সহায়ক গ্ৰন্থপঞ্জীঃ

১। সহায়ক হিচাপে বকতা অঞ্চলৰ ৰাইজ আৰু অন্যান্য মাধ্যমৰ দ্বাৰা পঢ়ি আৰু শুনি পোৱা কথাৰে।

২। ফেচবুকৰ দ্বৰা বহুকেইগৰাকী বন্ধুৰ মন্তব্যৰে। (সেই অঞ্চলৰ)

৩। ইণ্টাৰনেটৰ দ্বাৰা পোৱা কিছু কথাৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.